গুৱাহাটী : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বৰোধী অভিযান। পুনৰ মহানগৰ আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী। চাৰিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী পৰিছে আৰক্ষীৰ জালত।

ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখি পুনৰ এক সাফল্য লাভ কৰিছে। মঙলবাৰে নিশাৰ ভাগত মহানগৰ আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ চাৰিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

নিশা মধ্য গুৱাহাটী জিলা আৰক্ষীয়ে পল্টন বজাৰ আৰক্ষীৰ সহযোগত গান্ধীবস্তি আৰু খাৰঘুলীত ড্ৰাগছ বিৰোধী অভিযান চলাই চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ কবলৰ পৰা হে’ৰইনসহ প্লাষ্টিকৰ কন্টেইনাৰ আৰু মোবাইল পোন জব্দ কৰিছে।

লগতে পঢ়ক : যোৱা ২৪ ঘন্টাত দেশত পুনৰ ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে

ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে ক্ৰমে ৰোনাক প্ৰতিম মজুমদাৰ, চেলিম আহমেদ, ইদ্ৰিছ আলী আৰু সুশীল বড়ো। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক জেৰা চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply