মেৰাপানী : অসম-নগালেণ্ড সীমান্তত ১৪ নং আছাম ৰাইফলছৰ বৃহৎ অভিযান। এই অভিযানত উগ্ৰপন্থীৰ এটা অস্থায়ী শিবিৰ ধ্বংস কৰাৰ লগতে বৃহৎ পৰিমাণৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰসহ চাৰিজনকৈ দুধৰ্ষ এনএছচিএন (আইএম)ৰ সদস্য আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে।

এনএছচিএনৰ চাৰ্জেন্ট মেজৰ পৰ্যায়ৰ কেডাৰসহ মুঠ চাৰিজন দুধৰ্ষ সদস্যই নগাপাহাৰৰ দুৰ্গম অঞ্চলত অস্থায়ী শিবিৰ স্থাপন কৰি আছিল। মেৰাপানী সীমান্তৰ মিকিৰাং বস্তিত চলোৱা অভিযানত জব্দ হয় বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ।
এই অভিযানত নগা উগ্ৰপন্থী সদস্য কেইজনৰ পৰা এটা এ কে ৪৭, এটা এ কে ৫৬, এম ১৬, এইচ কে ৰাইফল, এটা পইন্ট ৩২ পিষ্টল, এটা এম২১ পিষ্টল আৰু ৪৪৯ ৰাউণ্ড সজীৱ গুলী, তিনিটা ম’বাইল ফোন, নথি-পত্ৰ, ৰেচন আৰু বৃহৎ পৰিমাণৰ আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ১৪ আছাম ৰাইফলছৰ বেটেলিয়নে।

অসম নগালেণ্ড সীমান্তত বাহৰ পাতি এই নগা উগ্ৰপন্থীৰ দলটোৱে ধনদাবী অথবা স্বাধীনতা দিৱসৰ পূৰ্বে বৃহৎ কূটাঘাতৰ পৰিকল্পনা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে অভিযানকাৰী দলটোৱে।

লগতে পঢ়ক Assamese Unlimited – মহিলা আৰু কিশোৰীসকলৰ মাজত আত্মবিশ্বাসৰ বীজ ৰূপন কৰাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply