পৰীক্ষা ন’হল যদিও মূল্যায়নৰ জৰিয়তে ফলাফল দিবলৈ ওলোৱা সময়তো জালিয়াতীৰ আশ্ৰয় লৈছে একাংশ শিক্ষক, ছেবাৰ কৰ্মচাৰী আৰু বিদ্যালয়ৰ একাংশ পৰিদৰ্শক ৷
মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ দুৰ্নীতিৰ অভিযোগত আটক কৰিছে দুগৰাকী প্ৰধান শিক্ষকক এওলোকৰ বিৰুদ্ধে পৰীক্ষাত ভাল নম্বৰ দিয়াক লৈ ধনৰ লেন-দেন হোৱাৰ অভিযোগ ৷ গৰৈমাৰীৰ মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আক্কাছ আলী আহমেদ, গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হবিবুৰ ৰহমানক সোধা পোছাৰ বাবে আটক কৰে আৰক্ষীয়ে ৷
মেট্রিকত ষ্টাৰ, ডিষ্টিংচন প্রদানৰ প্রলোভনেৰে বহু শিক্ষা বিষয়াই শিক্ষার্থীৰ অভিভাৱকৰ পৰা বৃহৎ পৰিমাণৰ উৎকোচ সংগ্রহ কৰাৰ লজ্জাজনক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে৷ এনে কাৰ্যত জড়িত চাৰি শিক্ষা বিষয়াক যোৱানিশা আৰক্ষীয়ে জেৰা কৰাৰ লগতে তেওঁলোকৰ ম’বাইল ফোন, নথি–পত্র জব্দ কৰে৷ জেৰাৰ সন্মুখীন হোৱা শিক্ষা বিষয়া–কর্মচাৰীকেইজন হৈছে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শক মাধৱ ডেকা, শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া তথা ছেবাৰ সমন্বয়ক ফুলপাহি নাথ, শিক্ষা পৰিদর্শকৰ কার্যালয়ৰ কর্মচাৰী প্রশান্ত নাথ আৰু চতুর্থবর্গৰ কর্মচাৰী শিৱেশ্বৰ নাথ ৷
কামৰূপ জিলাৰ সংহত উপায়ুক্ত কার্যালয়ৰ চৌহদত থকা স্কুলসমূহৰ পৰিদর্শকৰ কার্যালয়ত কামৰূপ আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ পৰা যোৱা বৃহৎ দল এটাই প্রায় চাৰি ঘণ্টা অভিযান চলাই বহুতো নথি–পত্র আৰু বহু সামগ্রী জব্দ কৰে৷
এই কেলেংকাৰি সন্দর্ভত তালাচী চলোৱাৰ পাছত কামৰূপ জিলা আৰক্ষীয়ে সোধা–পোছাৰ বাবে আৰক্ষী অধীক্ষকৰ কার্যালয়লৈ নিয়ে স্কুলসমূহৰ পৰিদর্শক মাধৱ ডেকা, শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া তথা ছেবাৰ সমন্বয়ক ফুলপাহি নাথ, কার্যালয়টোৰ কর্মচাৰী প্রশান্ত দাস আৰু চতুর্থ বর্গৰ কর্মচাৰী শিৱেশ্বৰ নাথক৷ অভিযান কালত আৰক্ষীয়ে জব্দ কৰিছে কেইবাটাও লেপটপ, বহুকেইটা ম’বাইল ফোন আৰু বহু নথি–পত্রৰ উপৰি নগত ধন৷ আৰক্ষী অধীক্ষকৰ কার্যালয়ত তেওঁলোকক পৃথকে পৃথকে মাৰাথন জেৰা কৰে৷
অভিযোগ অনুসৰি, এইবাৰ মেট্রিক পৰীক্ষাত ধনৰ বিনিময়ত ছাত্র–ছাত্রীক পৰীক্ষাত ভাল নম্বৰ দিয়াৰ নামত বৃহৎ ধনৰ লেনদেন হৈছিল উক্ত কার্যালয়টোত৷ ধনৰ বিনিময়ত মেট্রিকত ষ্টাৰ, ডিষ্টিংচন, প্রথম বিভাগ, লেটাৰ আদি দিয়াৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হৈছিল ৷
এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “মেট্ৰিকৰ ৰিজাল্টক লৈ ৰাজ্যত বেয়া কাম আৰম্ভ হৈছে , বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত এইকামবোৰ আৰম্ভ হৈছে, এইক্ষেত্ৰত ছেবা কঠোৰ নহলে আৰক্ষীয়ে ইয়াক নিয়ন্ত্ৰণ কৰিব ৷ তেনে এক ঘটনাৰ বাবেই কামৰূপ জিলাৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান চলিল ৷ সাবধান নহলে সকলো বিপদত পৰিব ৷”