জালনোটসহ চাৰিজনক গ্ৰেপ্তাৰ

ধেমাজি: ধেমাজি জিলাৰ মৰিঢলত আৰক্ষীয়ে জব্দ কৰিছে তিনি লক্ষাধিক টকাৰ জালনোট | এই ঘটনাৰ সৈতে জড়িত চাৰিজন যুৱককো গ্ৰেপ্তাৰ কৰিছে ।

জালনোট খিনি ধেমাজিত বিতৰণ কৰিবলৈ অনা হৈছিল বুলি ধেমাজিৰ আৰক্ষীয়ে প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ কৰিছে।
দুখন গাড়ী সহ চাৰি ব্যক্তিয়ে লৈ আহিছিল তিনি লক্ষ্যাধিক জাল নোট লৈ আহিছিল।

এই ঘটনাত ব্যবহাৰ কৰা গাড়ী দুখনৰ নম্বৰ AS22-A-8777হোন্ডা কোম্পানীৰ গাড়ী আৰু AR22-1008 নম্বৰৰ ব’লেৰ গাড়ী |

চাৰিওজন ব্যক্তিকে চিমেন চাপৰিৰ পৰা আহি থকা অৱস্থাত ধেমাজি আৰক্ষীয়ে মৰিঢলত কৰায়ত্ব কৰে যুৱককেইজন।

লগতে পঢ়ক- ৰাধা-কৃষ্ণ এইবাৰ দুটা ড’জ লৈহে ৰাসলৈ আহিব

আৰক্ষীয়ে প্ৰকাশ কৰা মতে গ্ৰেপ্তাৰ কৰা চাৰিজন ব্যক্তিৰ দুজন গোগামুখৰ বাকী দুজন চিমেন চাপৰিৰ ।
জালনোটসহ গ্ৰেপ্তাৰ কৰা চাৰিজন যুবক হ’ল মনোজ কৰ্মকাৰ, গৌতম সিং, আবু খান আৰু লীলা গগৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply