লামডিং : লামডিংত বন্দুকসহ চোৰাং চিকাৰী আটক। চাৰিজন চোৰাং চিকাৰীক আটক কৰিছে বন বিভাগে। চোৰাং চিকাৰী চাৰিজনৰ কবলৰ পৰা উদ্ধাৰ দুটা বন্দুক।
বুধবাৰে লংকাৰ বন বিভাগে লামডিং বনাঞ্চলৰ পৰা চাৰিজন চোৰাং চিকাৰীক আটক কৰে। বন বিভাগৰ দল এটাই সন্ধিয়া লাংডিং বনাঞ্চলৰ ঠাদংনলাৰ পৰা চোৰাং চিকাৰী চৰিজনক আটক কৰে।
দুটা হস্ত নিৰ্মিত বন্দুকসহ বন বিভাগে সঞ্জিট চাকমা, সুক্ৰচাৰ্য্য চাকমা, জয়বীৰ চাকমা আৰু সঞ্জীট কুমাৰ চাকমা নামৰ চাৰিজন চোৰাং চিকাৰীক আটক কৰে। লাংডিংৰ উচ্ছেদিত অঞ্চলত চোৰাং চিকাৰী কেইজনক আটক কৰা হয়।
লগতে পঢ়ক : মন জিলাৰ অ’টিঙত সংঘটিত ঘটনাৰ তদন্তৰ বাবে উচ্চ পদস্থ তদন্তকাৰী দলে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া
বন বিভাগে চোৰাং চিকাৰী চাৰিজনক জেৰা চলাই আছে। জানিব পৰা মতে চোৰাং চিকাৰী চাৰিজন কেইবাদিন পূৰ্বে বন্দুকসহ লামডিং বনাঞ্চলত প্ৰৱেশ কৰিছিল।