নিউজ ডেস্ক– ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এক নির্দেশযোগে অসম আৰক্ষীৰ চাৰি শীর্ষ বিষয়াক বিশেষ সঞ্চালকপ্রধানলৈ পদোন্নতি দিছে ৷ ভাৰতীয় আৰক্ষী সেৱাৰ এই চাৰি শীর্ষ বিষয়া হ’ল ড০ ৱাই কে গৌতম, জি পি সিং, ড০ এল আৰ বিষ্ণয় আৰু এছ এন সিং৷

ড০ ৱাই কে গৌতমে সম্প্রতি অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান তথা অগ্নি আৰু জৰুৰী সেৱাৰ সঞ্চালক হিচাপে কার্যনির্বাহ কৰি আছে৷ বর্তমানৰ স্থানতে তেওঁ বিশেষ সঞ্চালকপ্রধান হিচাপে কার্যনির্বাহ কৰিব৷ সেইদৰে আইন–শৃংখলা আৰু দুর্নীতি নিবাৰক শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙকো বিশেষ সঞ্চালকপ্রধানলৈ পদোন্নতি দিয়া হৈছে৷ তেৱোঁ বর্তমানৰ স্থানতে কার্যনির্বাহ কৰি থাকিব৷

অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান (টি এ পি) ড০ এল আৰ বিষ্ণয়কো বর্তমানৰ স্থানতে বিশেষ সঞ্চালকপ্রধানলৈ পদোন্নতি দিয়া হৈছে৷ অসম আৰক্ষীৰ যোগাযোগ শাখাৰ অতিৰিক্ত সঞ্চালকপ্রধান এছ এন সিঙৰ পদমর্যাদাও এতিয়াৰে পৰা হ’ব বিশেষ সঞ্চালকপ্রধান৷ অৱশ্যে তেওঁ বর্তমানৰ স্থানতে কার্যনির্বাহ কৰি থাকিব বুলি নির্দেশটোত উল্লেখ কৰা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply