চাৰিজন উঠিব পৰা স্কুটাৰ

বটদ্ৰবা: ধিঙৰ যুৱকে নিৰ্মাণ কৰিলে ৩জন নহয় ৪জন উঠিব পৰা বিশেষ স্কুটাৰ। পেট্ৰ’লৰ দাম চেঞ্চুৰী পাৰ হোৱাৰ পিছতেই ধিঙৰ এজন যুৱকে নিৰ্মাণ কৰিলে এই স্কুটাৰ।

ধিং চাৰিআলিৰ অতুল দাস নামৰ এইজন যুৱকে নিৰ্মাণ কৰিছে এক আকৰ্ষণীয় স্কুটাৰ । অতুল দাস পেছাত এজন মটৰচাইকেল মেকানিক হোৱাৰ লগতে তেওঁ ধিং চাৰিআলিত এ,ডি অটমোবাইলছ নামৰ এটি ক্ষুদ্ৰ গেৰেজৰ স্বত্বাধিকাৰী। নিজা গেৰেজতেই এই স্কুটাৰ খন নতুন ৰূপ দিয়ে ।
যুৱকজনে কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে নিজ প্ৰচেষ্টাত সুদীৰ্ঘ তিনি বছৰৰ অন্তত সাজি উলিওৱা এই স্কুটাৰ খনক লৈ অঞ্চলবাসীয়ে যথেষ্ঠ প্ৰশংসা কৰে।

সৌ সিদিনা পেট্ৰ’লৰ মূল্য বৃদ্ধি হোৱাক লৈ ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতাই দিয়া অদ্ভূট ফৰ্মূলা, পেট্ৰ’লৰ দাম কমিবলৈ “এখন বাইকত তিনিজনকৈ উঠিব লাগে ৷ গাড়ীৰ ব্যৱহাৰ কমাব লাগে ৷ নহ’লে পেট্ৰ’ল-ডিজেলৰ দাম নকমিব ৷” এনে সময়তে ধিঙৰ যুবক জনে তিনিজন নহয় চাৰিজন উঠিব পৰা স্কুটাৰ নিৰ্মাণ কৰি বিশেষ ভাবে চৰ্চিত হৈছে ।

লগতে পঢ়ক- ”প্ৰমোদ বড়োই ৰাইজৰ টকা খাই টকাৰ পাহাৰ গঢ়িছে”- গণেশ কছাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply