বাক্সা : ২০১৭ চনৰ আজিৰ দিনটোতে হত্যা কৰা হৈছিল লাফিকুল ইছলামক। ১ আগষ্ট ২০১৭ চনত, দিনৰ পোহৰতে হত্যা কৰা হৈছিল লাফিকুল ইছলামক। বিটিএডিত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছু নামেৰে লাফিকুল ইছলামে জন্ম দিছিল এটা ছাত্ৰ সংগঠন।

দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে হত্যা কৰা হৈছিল লাফিকুল ইছলামক। নিজ গৃহ চহৰ চালাকাটটিত দিন দুপৰতে কোনো অচিনাক্ত দুৰ্বিত্তই হত্যা কৰিছিল লাফিকুল ইছলামক। আজি চাৰিটা বছৰ অতিক্ৰম কৰিলে কিন্ত হাত্যাকাৰীয়ে নাপালে কোনো শাস্তী l ন্যায় নাপালে লাফিকুল ইছলামৰ পৰিয়ালে।

প্ৰথমে অসম আৰক্ষী তাৰ পিছত চিবিআইয়ে লাফিকুল ইছলাম হত্যাকাণ্ডৰ তদন্ত কৰিলে কিন্তু কোনেওঁ চিনাক্ত কৰিব নোৱাৰিলে হত্যাকাৰীক। আজি লাফিকুল ইছলামৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী, বিটিএডি অঞ্চলত লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ সন্দৰ্ভত বহু প্ৰতিবাদ হ’ল, এবিএমছুৱে ধাৰাবাহীকভাৱে আন্দোলন কৰিলে কিন্তু কোনে লফিকুল ইছলামক গুলীয়াইছিল ইয়াৰ উত্তৰ আজি পৰ্যন্ত ওলাব নোৱাৰিলে তদন্তকাৰী দলসমূহে।

লগতে পঢ়ক :  ফেচ মাস্কত প্ৰযুক্তি: শীঘ্ৰেই বজাৰলৈ মাইক্ৰফোন আৰু স্পিকাৰ সংযুক্ত স্মাৰ্ট ফেচ মাস্ক

এবিএমছুৰ প্ৰয়াত নেতা গৰাকীৰ হত্যাকাৰীৰ শাস্তীৰ দাবীত আজি পুনৰ ৰাজপথলৈ ওলাই আহে এবিএমছু। বাক্সা জিলাৰ তামুলপুৰৰ দ্বাৰকুছী, কুমাৰীকাটা, নাগ্ৰীজুলী, আনন্দবজাৰকে ধৰি ভিন্ন অঞ্চলত এবিএমছুৰ নেতা কৰ্মী সকলে এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, চিবিআইৰ তদন্ত ৰাজহুৱা কৰক, লাফিকুল ইছলাম হত্যকাৰীক ফাঁচি দিয়ক, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,285 other subscribers

Leave a comment

Leave a Reply