গুৱাহাটীঃৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত অসমৰ চাৰিগৰাকী যুৱতী। দিল্লী আৰক্ষীৰ বিশেষ বেটেলিয়নৰ পৰা নিৰ্বাচিত হৈ ধেমাজিৰ ইৰানী চুতীয়া, হেপী বুঢ়াগোঁহাই, শিৱসাগৰৰ কল্পনা দাস আৰু গুৱাহাটী সোণাপুৰৰ জ্যোতি বৰাই ভিভিআইপিৰ নিৰাপত্তাৰ দায়িত্ব লাভ কৰিছে ।
উল্লেখ্য যে,২০১৯ বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ যুৱকযুৱতী সকলক উৎসাহিত কৰাৰ বাবে দিল্লী আৰক্ষীয়ে অনুষ্ঠিত কৰিছিল পৰীক্ষাৰ । ইয়াৰে অসমৰ ৪১ গৰাকী যুৱতী আৰু প্ৰায় ৮৪ জন যুৱকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় ৷
দিল্লী আৰক্ষীত নিযুক্তি পোৱাৰ পিছত ইটোৰ পিছত সিটো কঠোৰ অনুশীলনৰ জৰিয়তে নিজকে সাজু কৰি তুলিবলৈ সক্ষম হোৱা চাৰি যুৱতীয়ে দিল্লী আৰক্ষীৰ বিশেষ নিৰাপত্তা গোটত সেৱা আগবঢ়াবলৈ দায়িত্ব লাভ কৰে। কেতিয়াবা যদি প্ৰধানমন্ত্ৰী, কেতিয়াবা আকৌ গৃহমন্ত্ৰীৰ লগতে ভিভিআইপি ৰ নিৰপত্তাৰ দায়িত্বও বহন কৰিছে ৷ এই চাৰি অসম তনয়াই শেহতীয়াকৈ দেশৰ ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰ দায়িত্বও সম্পাদন কৰিছে ৷