সোণাৰি : আলফা (স্বা)ত যোগদান কৰিবলৈ আহি পুনৰ আৰক্ষীৰ জালত পৰিল চাৰিজন যুৱক। ১২ নং অসম ৰাইফলছে লাভ কৰা গোপন সূত্ৰৰ ভিত্তিত অসম ৰাইফলছ আৰু শিৱসাগৰ আৰক্ষীৰ যুটীয়া অভিযানত আটক হয় যুৱককেইজন।

আটকাধীন যুৱক কেইজন হৈছে কুলদ্বীপ গগৈ(২৪) ডিব্ৰুগড়, ত্ৰিদীপ ৰাজবংশী (২৪) নলবাৰী, দিপু ডেকা (২৫) কামৰূপ আৰু টুলটুল বাগলী (২৫) ডিব্ৰুগড়ৰ।

উল্লেখনীয় যে বিগত কেইটামান দিনত অসম ৰাইফলছ আৰু আৰক্ষীৰ যুটীয়া অভিযানত চৰাইদেউ জিলাৰ সোণাৰিত অসম-নগালেণ্ড সীমান্তৰ নামতোলা হৈ ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰলৈ ৰাওনা হোৱা বহু কেইজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছিল।

লগতে পঢ়ক :  ঐতিহ্যমণ্ডিত চণ্ডিকা দেৱালয়ত হেঙাৰ ভাঙি মন্দিৰত প্ৰৱেশ দেৱীৰ

ইফালে এইসকল যুৱকক আলফা স্বাধীনত যোগদান কৰিবলৈ সংগঠনটোৰ নেতা আইচেং অসমে ভুৱা ফেচবুক একাউণ্টৰ জৰিয়তে যোগাযোগ কৰিছিল বুলি জানিব পৰা গৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply