গুৱাহাটীঃ মহানগৰত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় এটা ভণ্ড বাবা।
দীৰ্ঘদিন ধৰি সাধু বাবাৰ বেশ ধৰি ৰাইজক প্ৰবঞ্চনা কৰি আহিছিল বাবাজনে।
কামাখ্যা মন্দিৰত বাহৰ পাতি ভক্ত–দর্শনার্থীৰ পৰা প্রৱঞ্চনাৰে লুটিছিল লাখ লাখ টকা।
আনকি অনলাইনৰ জৰিয়তে কামাখ্যা মন্দিৰৰ পূজাৰ সামগ্রী ভক্ত–দর্শনার্থীক প্রৱঞ্চনাৰে বিক্রী কৰি আহিছিল প্ৰবঞ্চক বাবাজনে।
আৰু পঢ়কঃডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৰাইজ
অৱশেষত আৰক্ষীৰ জালত পৰিল সাধু বাবাৰূপী প্রৱঞ্চক।
এজন ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে কামাখ্যা মন্দিৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্রৱঞ্চকটোক।