দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ শিক্ষাখণ্ডৰ অধীনত থকা মুঠ ১৪৫ খন প্ৰাদেশীকৃত বিদ্যালয়ত শিক্ষা বিভাগৰ ফালৰ পৰা শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণ।জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা মুঠ ৩৯৫ খন বিদ্যালয়ৰ ভিতৰত ১১২ খন এল পি আৰু ৪২ খন এম ই স্কুলসহ মুঠ ১৪৫ খন প্ৰাদেশীকৃত বিদ্যালয়ত বিনামূলীয়া পাঠপুথি বিতৰণ।
আৰু পঢ়কঃ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ কুচনীমাৰাত ধুমুহাৰ তাণ্ডৱ
শিক্ষা খণ্ডৰ অধীনত মুঠ ২৯৩ খন এল পি, ৪২ খন এম ই স্কুলসহ মুঠ ৩৩৫ খন প্ৰাদেশীকৃত বিদ্যালয় আছে। বাকী থকা আন ২৫০ খন বিদ্যালয়ত অহা ১০ এপ্ৰিলৰ ভিতৰত বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে শিক্ষা খণ্ড খনৰ অধীনত ২৫ খন এল পি আৰু ১৯ খন এম ই স্কুলসহ মুঠ ৪৪ খন বিদ্যালয় নতুনকৈ প্ৰাদেশীকৰণ হৈছে।
তদুপৰি ৫৪ খন এল পি আৰু ৬০ খন এম ই স্কুলসহ মুঠ ১১৪ খন অপ্ৰাদেশীকৃত বিদ্যালয়ও শিক্ষা খণ্ডখনৰ অধীনস্থ। প্ৰাদেশীকৃত বিদ্যালয় কেইখনত পাঠ্যপুথি বিতৰণ হোৱাৰ পিছতে নতুনকৈ প্ৰাদেশীকৃত হোৱা বিদ্যালয় আৰু অপ্ৰাদেশীকৃত বিদ্যালয় কেইখনতো বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হ’ব।
আৰু পঢ়কঃভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া
প্ৰথম শ্ৰেনীৰ পৰা অষ্টম শ্ৰেনীলৈ মুঠ ৬১৭৬০ জন শিক্ষাৰ্থীক এইবাৰ ২০২১-২২ শিক্ষা বৰ্ষৰ অধীনত এইদৰে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হ’ব বুলি মানকাচৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ড০ আনিছুৰ ৰহমান জানিবলৈ দিয়ে।