হাওৰাঘাটঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে অব্যাহত আছে বিজেপিৰ জনকল্যানমূলক কাৰ্যসূচী ।
সমান্তৰালকৈ ৰাজ্যৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্ততো টীম কাৰ্বি আংলঙৰ চীফ তুলিৰাম ৰংহাঙৰ নেতৃত্বত চলিছে বিভিন্ন কাৰ্যক্ৰম।
লগতে পঢ়কঃচিপিআই (এম)-চিপিআই (এমএল)ক সাক্ষাৎ জাতীয় পৰিষদৰ
জিলাখনৰ হাওৰাঘাট পৰিষদীয় সমষ্টিৰ বেল’গুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজন কৰা হয় চকু পৰীক্ষা আৰু চিকিৎসা শিবিৰৰ। এই শিবিৰত পাঁচ শতাধিক ৰোগীৰ চকু পৰীক্ষা আৰু চশমা প্ৰদান কৰা হয় ।
ইপিনে চকুৰ জটিল ৰোগত আক্ৰান্তসকলৰ বাবেও অস্ত্ৰপ্ৰচাৰৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিয়ে কয় জিলাখনৰ ২৬ টা পৰিষদীয় সমষ্টিতেই এই চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ’ব।