মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ সোনাপুৰস্থিত সাৰদা ইন্ধন গ্ৰামীণ বিটৰকত সোমবাৰে বিয়লি প্ৰধানমন্ত্ৰী উজ্জলা আঁচনিৰ অধীনত তিনি সহস্ৰাধিক মহিলাক বিনামূলীয়া গেছ চিলিণ্ডাৰ বিতৰণ কৰা হয়। বিনামূলীয়া গেছ চিলিণ্ডাৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠানিকভাৱে মুকলি কৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ সভাপতিয়ে।
দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ সভাপতি আলতাফ হুছেইন মুখ্য অতিথি হিচাপে উপস্থিত থাকি উজ্জলা আঁচনি মুকলি অনুষ্ঠানত বিজেপিৰ জিলা সাধাৰণ সম্পাদককে ধৰি একাংশ বিজেপিৰ জ্যেষ্ঠ নেতাৰ উপস্থিতিত গেছ চিলিণ্ডাৰ বিতৰণ কৰে। এই সাৰদা ইন্ধন গ্ৰামীণ ভিটৰকৰ অধীনত জিলাখনৰ মুঠ ৩ সহস্ৰাধিক মহিলাক প্ৰধানমন্ত্ৰী উজ্জলা আঁচনিৰ জৰিয়তে গেছ চিলিণ্ডাৰ বিতৰণ কৰা হ’ব। প্ৰথম দিনা মুঠ প্ৰায় ১৫ গৰাকী মহিলাক এই চিলিণ্ডাৰ বিতৰণ কৰা হয়।
লগতে পঢ়ক : সোণাৰিৰ চফ্ৰাইত নাৰকীয় হত্যাকাণ্ড,নিজ কন্যাক হত্যা কৰিলে পিতৃয়ে
বিজেপিৰ জিলা সভাপতি গৰাকীয়ে নিজ হাতেৰে জিলাখনত এই আঁচনি মুকলি কৰি মহিলা হিতাধিকাৰী কেইজনক গেছ চিলিণ্ডাৰ বিতৰণ কৰে। আনহাতে প্ৰধানমন্ত্ৰী উজ্জলা আঁচনিৰ বিনামূলীয়া গেছ চিলিণ্ডাৰ লাভ কৰা মহিলা সকলে চৰকাৰক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।