গুৱাহাটীঃ নগাওঁ জিলাৰ কামপুৰত মঙলবাৰে পশু কল্যাণৰ হকে কাম কৰা বেচৰকাৰী অনুষ্ঠান জেবিএফে আন্চঃৰাষ্ট্ৰীয় পশু কল্যাণ অনুষ্ঠান হিওমেনী চছাইটি ইন্টাৰনেচনেল আৰু নগাঁও জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত বিনামূলীয়া পশু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। দিনজোৰা এই শিবিৰত কামপুৰ ৰাজহ চক্ৰৰ কুহিমাৰী মৌজাৰ চাৰিখন গাঁৱৰ প্ৰায় ৪০০ছাগলী, ৭৫০ গৰু আৰু ৪০০ হাঁহ-কুকুৰাক সাহায্য আগবঢ়োৱা হয়।
দেউৰীপথাৰ,চিৰপথাৰ, কপিলীকান আৰু ২নং কুহিমাৰী গাঁৱত অনুষ্ঠিত হৈ যোৱা এই শিবিৰত জেবিফৰ কাৰ্যবাহী ন্যাসৰক্ষী ডাঃ কবিৰ হুমায়ুন আৰু ডাঃ উৎপল বড়ো উপস্থিত থকাৰ লগতে নগাঁও পশু চিকিৎসা বিভাগৰ ডাঃ উৎপল তালুকদাৰ আৰু গণেশ বসুমতাৰী উপস্থিত থাকে।
বানাগ্ৰস্থ অঞ্চলটোত পশু সুৰক্ষা আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ভিটামিন, পেলু সমস্যা, চকুৰ সমস্যা, পুষ্টিহীনতা আদিৰ ঔষধ প্ৰদান কৰা হয়। এই শিবিৰতে গ’টপ্ৰক্সৰ প্ৰতিষেধক ছিটাও প্ৰদান কৰা হয়।