ডিব্ৰুগড় জিলাৰ অতি ভিতৰুৱা অঞ্চল জকাইৰ কলিয়নীত আজি সেৱা ভাৰতী গুজৰাটৰ উদ্যোগত এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয় । ১৯ তম ধন্বন্তৰী সেৱা যাত্ৰা ২০২২ ৰ অংশ হিচাপে এই চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ।
সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু নেচনেল মেডিকোজ অৰ্গেনাইজেশ্যনৰ সহযোগত জকাইৰ কলিয়নীৰ শংকৰ দেৱ শিশু নিকেতন বিদ্যালয়ৰ প্ৰাংগণ অনুষ্ঠিত হোৱা এই বিনামূলীয়া চিকিৎসা শিবিত জকাই অঞ্চলৰ বহু লোকে চিকিৎসা সেৱা গ্ৰহণ কৰে ।
আনহাতে টীয়কৰ ৪৩৪ নং নেপাম ভৰলুৱা প্ৰাথমিক বিদ্যালয়ত সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিৱিৰ অনুস্থিত কৰে।উল্লেখযোগ্য যে ১৯ সংখ্যক ধন্বন্তৰী সেৱা যাত্ৰা ২০২২ উপলক্ষে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু নেচনেল মেডিক’জ অৰ্গেনাইজেচনে বিনামূলীয়া চিকিৎসা শিৱিৰ আয়োজন কৰি আহিছে।টীয়কৰ ৪৩৪ নং নেপাম ভৰলুৱা প্ৰাথমিক বিদ্যালয়ত মংগলবাৰে সংগঠন দুটাই বিনামূলীয়া চিকিৎসা শিৱিৰ আয়োজন কৰে।অঞ্চল টোৰ বহু ব্যক্তিক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ প্ৰদান কৰা হয়।
চিকিৎসা শিৱিৰটোত সেৱা ভাৰতীৰ অধীনৰ উত্তৰ প্ৰদেশ,পাটনা আৰু দিল্লী শাখাৰ কেইবাগৰাকীও বিশিষ্ট চিকিৎসকে অংশগ্ৰহণ কৰি চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে সেৱা ভাৰতী যোৰহাট জিলাৰ সংযোজক অবিনাশ হাজৰিকা উপস্থিত থাকি বিশেষ ভাবে সহযোগিতা আগবঢ়ায়।