বিনামূলীয়া চিকিৎসা সেৱা

সোণাৰি: চৰাইদেউ জিলাৰ সদৰ সোণাৰিত নৱ নিৰ্মিত চিকিৎসা সেৱা প্ৰতিষ্ঠান পিবি ডাইগ’নেষ্টিক আৰু ৰিচাৰ্ছ চেণ্টাৰত আজিৰেপৰা বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াইছে ৰোগীসকললৈ।

ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অমৃত কুমাৰ বৰুৱাই আগবঢ়াইছে এই চিকিৎসা সেৱা। প্ৰতি দেওবাৰে প্ৰসূতি তথা মহিলাসকলক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে।

উল্লেখ্য যে, চৰাইদেউ জিলাৰ সদৰ সোণাৰিত উন্নত মানৰ চিকিৎসা প্ৰতিষ্ঠান নথকাত ৰোগীসকলে ডিব্ৰুগড় নাইবা গুৱাহাটীলৈ যাব লগীয়া হৈছিল উন্নত চিকিৎসাৰ পূৰ্বে।

ইয়াৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নগালেণ্ডৰ জনসাধাৰণৰ সহায়ক হোৱাকৈ নিৰ্মাণ কৰা পিবি ডাইগ’নেষ্টিক আৰু ৰিচাৰ্ছ চেণ্টাৰত ইতিমধ্যে কেইবাটাও বিভাগৰ চিকিৎসা সেৱা আৰম্ভ হৈছে।

লগতে পঢ়ক-জিন্স পেন্ট পিন্ধা যুৱতীক দুৰ্ব্যবহাৰ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়া হ’ল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply