ৰাজ্যিক মৰ্য্যদাৰে অন্তিম সৎকাৰ

লখিমপুৰ: ৮৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে লখিমপুৰৰ মুক্তি যুঁজাৰু তুলাৰাম কোঁচে।

অসুস্থতাৰ বাবে বুধবাৰে লখিমপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও বৃহস্পতিবাৰে দেহাৱসান ঘটে স্বাধীনতা সংগ্ৰামী তুলাৰাম কোঁচৰ।

প্ৰয়াত তুলাৰাম কোঁচৰ ঘৰ লখিমপুৰ চিয়াজুলি হিন্দু মাজ গাঁওত।

তেওঁৰ মৃত্যুত সমগ্ৰ লখিমপুৰ জিলাৰ লগতে উত্তৰ অসমত পৰিছে শোঁকৰ চাঁ পৰে।

লখিমপুৰ জিলাৰ উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত ৰাজ্যিক মৰ্য্যাদাৰে প্ৰয়াত তুলাৰাম কোঁচৰ শেষকৃত্য সম্পন্ন কৰে জিলা প্ৰশাসনে।

স্বাধীনতা সংগ্ৰামী তুলাৰাম কোঁচৰ মৃত্যুত অলেখ গুণমুগ্ধৰ লগতে অসম ৰাজ্যিক মুক্তি যুজাৰু সন্মিলনৰ ৰাজ্যিক সদস্য মাধৱ হাজৰিকা তথা লখিমপুৰ জিলা মুক্তি যুজাৰু সন্মিলনৰ জিলা সভাপতি ভোলানাথ নগৰীয়া , সাধাৰণ সম্পাদক গণেশ দত্ত আৰু সহ সম্পাদক দিলীপ ৰয়ে ক’ভিড বিধি মানি প্ৰয়াত স্বাধীনতা সংগ্ৰামী তুলাৰাম কোঁচলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

লগতে পঢ়ক- কামাখ্যা পালেহি প্ৰথমখন বৈদ্যুতিক ৰেল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply