নিউজ ডেস্ক : আমাৰ সমাজত লিংগ সংখ্যালঘু (gender minority) লোকসকলৰ প্ৰতি আজিও এক বিৰূপ মনোভাব বৰ্তি আছে, যাৰ ফলত এই লোকসকল বিভিন্ন সামাজিক বৈষম্য আৰু অৱহেলাৰ বলি হ’ব লগীয়া হয়।

যোৱা কিছু বছৰৰ পৰা কেতবোৰ সংগঠন তথা অনুষ্ঠানে এই লোকসকলৰ অধিকাৰৰ হকে মাত মাতি আহিছে যদিও হয়তো সমাজৰ বেছি সংখ্যক লোকে তেওঁলোকৰ সুকীয়া পৰিচয়ক সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে। ইয়াৰ প্ৰতিফলন আমি বিভিন্ন সময়ত তেওঁলোকৰ ওপৰত কৰা আচৰণৰ পৰা দেখিবলৈ পাওঁ।

যোৱা কেইবা বছৰ পূৰ্বে ‘ভগৱানৰ দেশ’ হিচাপে পৰিচিত কেৰেলাৰ পৰা অসমত ভ্ৰমণ কৰি থাকোতে বাছত লগ পোৱা এগৰাকী ট্ৰান্সজেণ্ডাৰ মহিলাৰ বঞ্চনাময় জীৱন কাহিনীয়ে সিস্টাৰ প্ৰেমা চোৱালুৰৰ অন্তৰত গভীৰভাৱে ৰেখাপাত কৰিছিল। আৰু তেতিয়াৰ পৰাই সিস্টাৰ প্ৰেমাই নিজৰ জীৱনটো অসমৰ এইসকল লোকৰ সেৱাৰ বাবে উৎসৰ্গা কৰি আহিছে।

বাছত ঘটা সেই ঘটনাৰ পিছতে Congregation of Sisters of the Cross-ৰ সদস্য সিস্টাৰ প্ৰেমাই Global Network Rainbow Catholics (GNRC) আৰু Indian Network Rainbow Catholics (INRC)-ত যোগ দিয়ে আৰু অসমৰ LGBTQIA+ সম্প্ৰদায়ৰ লোকসকলে মুখামুখি হোৱা সমস্যাবিলাক বুজিবলৈ আৰু তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহে।

কোন হয় সিস্টাৰ প্ৰেমা ?

১৮ বছৰ বয়সত Sisters of the Cross of Chavanod (SCC)-ত যোগদান কাৰ সিস্টাৰ প্ৰেমাই ডেৰ দশকতকৈ অধিক কাল শিক্ষা মন্ত্ৰ্যালয়ৰ অধীনত সেৱা আগবঢ়াইছিল। Palli Unnayan Samiti (Rural Development Society or PUS), Tarumitra (Friends of Trees), গুৱাহাটীৰ North East Diocesan Social Service Society (NEDSSS)কে ধৰি Purvanchal Pragati Samaj (Eastern Development Society or PPS) –ৰ হৈ উত্তৰ-পূবৰ বিভিন্ন স্থানত কাম কৰা সিস্টাৰ প্ৰেমাই তেওঁ কৰা কামৰ বাবে বহু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে।

অসমৰ ট্ৰান্সজেণ্ডাৰ কমিউনিটিৰ বাবে সিস্টাৰ প্ৰেমাই চলাই থকা যুঁজখন

২০১১ চনৰ লোকপিয়ল মতে, অসমত ১১,৩৭৫ গৰাকী ট্ৰান্সজেণ্ডাৰ ব্যক্তি আছে, ইয়াৰে ১,৩৪৮ গৰাকী হৈছে শিশু। তেওঁলোকৰ মাজত সাক্ষৰতাৰ হাৰ হৈছে ৫৪ শতাংশ। বেছি সংখ্যকেই আধাতে পঢ়া সামৰি আনৰ ভিক্ষা খুজি জীৱন যাপনৰ পথ বাছি লয়, ইয়াৰ এক প্ৰধান কাৰণ হৈছে আমাৰ সমাজত ট্ৰান্সজেণ্ডাৰ সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি থকা হেয় ভাব। যাৰ ফলত কোনো কাৰণ নোহোৱাকৈ তেওঁলোক শিক্ষা, চাকৰি, উত্তৰাধিকাৰ আদিৰ পৰা বঞ্চিত হ’বলগীয়া হয়।

লগতে পঢ়ক : দীপৰ বিলৰ স্বাৰ্থত পবিতৰাৰ মৰণ? কোনে ল’ব মহানগৰবাসীৰ আৱৰ্জনাৰ ভাৰ?

তেওঁৰ এই মহৎ কাৰ্য্যত ধৰ্মৰ প্ৰভাৱ

সাধাৰণতে খ্ৰীষ্টিয়ান ধৰ্মৰ মতে সমকামিতাক প্ৰকৃতিৰ নিয়মৰ বিৰোধী বুলি ধৰা হয়। কিন্তু খ্ৰীষ্টিয়ান ধৰ্মৰ এগৰাকী সেৱিকা হোৱাৰ পিছতো সিস্টাৰ প্ৰেমাই LGBTQIA+ সমুদায়ৰ বাবে অবিৰাম কাম কৰি আহিছে। এইক্ষেত্ৰত ধৰ্মবিশ্বাস তেওঁৰ বাটত হেঙাৰ হৈ থিয় দিয়ে নেকি বুলি প্ৰশ্ন কৰাত তেওঁক কয়, ‘পোপ ফ্ৰান্সিচে খুব স্পষ্টভাৱে ভগৱানৰ সন্তান LGBTQ+ সকলক গ্ৰহণ কৰি আঁকোৱালি ল’বলৈ সকৱলো পৰিয়ালকে আহ্বান জনাইছিল।’  

এখন একৰঙী পৃথিৱীত সাজিছে এটা ৰামধেনুৰ ঘৰ

দেশৰ বিভিন্ন ঠাইত নিজৰ জীৱন পাৰ কৰাৰ পিছত সিস্টাৰ প্ৰেমাই এতিয়া গুৱাহাটীৰ খ্ৰীষ্টিয়ান বস্তিত এটা ট্ৰান্সজেণ্ডাৰ সম্প্ৰদায়ৰ লোকসকলৰ বাবে Rainbow Home of the Seven Sisters (RHoSS) নামৰ এটা অস্থায়ী আশ্ৰয়গৃহ আৰম্ভ কৰিছে। এটা এপাৰ্টমেণ্টত থকা আশ্ৰয়গৃহটোত বৰ্তমান ৩ গৰাকী লোকে আশ্ৰয় লৈ আছে।

স্থানৰ অভাৱত বেছি লোকক আশ্ৰয় দিব নোৱাৰাৰ বাবে আক্ষেপ প্ৰকাশ কৰি তেওঁ কয় যে সম্প্ৰদায়টোৰ বেছি লোকক আশ্ৰয় প্ৰদানৰ উদ্দেশ্যে গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত তেওঁ মাটি বিচাৰি আছে বুলি জানিবলৈ দিয়ে। ‘মাটি পোৱাটো সহজ নহয়, আৰু যদিহে ট্ৰান্সজেণ্ডাৰ কমিউনিটিৰ লোকৰ বাবে আশ্ৰয়গৃহৰ বাবে মাটি লাগে বুলি কোৱা হয় তেতিয়াটো আৰু দিগদাৰ। মহানগৰৰ মানুহবিলাকে ট্ৰান্সজেণ্ডাৰ কমিউনিটিটোক এতিয়াও মুকলি মনেৰে গ্ৰহণ কৰা নাই,’ তেওঁ কয়।

ভৱিষ্যৎ পৰিকল্পনা

ইতিমধ্যে, তেওঁৰ ‘ট্ৰাস্ট’টোৰ পঞ্জীয়ন গৈ গৈছে, গতিকে দ্বিধাহীনভাৱে ট্ৰান্সজেণ্ডাৰ সম্প্ৰদায়ৰ বাবে কাম কৰিব পাৰিব বুলি তেওঁ যথেষ্ট আশাবাদী। ‘তেওঁলোকে যি কামেই কৰি ভাল পাই তাকে শিক্ষাটো মই বিচাৰো। যদি তেওঁলোকৰ এটা ডিগ্ৰী আছে তেন্তে তেওঁলোকক ভাল চায় এটা চাকৰি বিচৰাত মই সহায় কৰি দিব বিচাৰো,’ তেওঁ লগতে কয়।

লিংগ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক তেওঁলোকৰ নিজৰ অধিকাৰৰ প্ৰতি সচেতন কৰি তোলাৰ লগতে তেওঁলোকক এটা স্বাধীন আৰু স্বনিৰ্ভৰশীল জীৱন গঢ়ি তোলাত সহায় কৰিবলৈ নিৰৱচ্ছিন্ন সেৱা আগবঢ়াই অহা এগৰাকী মানৱ দৰদী সেৱিকাই আন এক সামাজিক ব্যাধি মানৱ সৰবৰাহৰ বিৰুদ্ধেও নিৰন্তৰ যুঁজ দি আহিছে।

ইংৰাজীত পঢ়ক : From God’s own country: This Catholic nun is a blessing for Assam’s Trans community

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,113 other subscribers

Leave a comment

Leave a Reply