নিউজ ডেস্ক: গুৱাহাটী পৌৰ নিগমে গ্ৰহন কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এতিয়াৰ পৰা মহানগৰবাসীয়ে ফোনযোগে নিজ সমস্যাৰ কথা জনাব পাৰিব গুৱাহাটী পৌৰ নিগমৰ মেয়ৰক। গুৱাহাটীবাসীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই পোনপটীয়াকৈ শুনিব মহানগৰবাসীৰ সমস্যা, ৰাইজৰ অভাৱ অভিযোগ।

প্ৰতি সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে ৰাইজৰ সৈতে প্ৰত্যক্ষভাৱে সংযোজিত হ’ব পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া। ৰাইজে ফোনযোগে মেয়ৰক জনাব পাৰিব তেওঁলোকৰ সমস্যা তথা অভাৱ অভিযোগৰ কথা।

৮৮১১০০৭০০০ নম্বৰত মহানগৰবাসীয়ে ফোন কৰি মেয়ৰৰ সৈতে কথা পাতি তেওঁলোকৰ নিজ সমস্যাৰ বিষয়ে জি এম চিৰ মেয়ৰক অৱগত কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply