গুৱাহাটী : নদী পৰ্য্যটনৰ প্ৰতি আকৰ্ষণ সৃষ্টিৰ উদ্দেশ্যে অসমৰ চাৰি গৰাকী যুৱকে চলাব এক দুঃসাহসিক অভিযান। বাঁহৰ ভূৰত নামনি সোৱণশিৰিৰ পৰা ব্ৰহ্মপুত্ৰলৈ ১৮০ কিঃমিঃ যাত্ৰা কৰিব যুৱক কেইজনে।

অহা ১৪ নৱেম্বৰত যাত্ৰা আৰম্ভ কৰিবলগীয়া যুৱকৰ দলটোৰ সদস্য কেইগৰাকী হৈছে শ্বেখৰ বৰদলৈ, ৰিশ্বন দ’লে, আশুতোষ কাশ্যপ আৰু নিলিম মহন্ত।

৮ দিনীয়া এই নৌকা যাত্ৰাত তেওঁলোকে পেকেজড খাদ্য তথা পানীয়ৰ পৰা সম্পূৰ্ণ বিৰত থাকিব বুলি উল্লেখ কৰি ৰিশ্বন দ’লেই কয়, ‘গোটেই যাত্ৰাটোত আমি সম্পূৰ্ণৰূপে প্ৰাকৃতিকভাৱে পোৱা খাদ্য আৰু পানীৰ ওপৰত নিৰ্ভৰ কৰিম।’

বাঁহ আৰু দলঘাঁহেৰে বিশেষভাৱে নিৰ্মাণ কৰা ১০X১২ ফুট আকাৰৰ ভূৰখনৰ নাম ছিবুক ২.০। গোটেই অভিযানটোৰ বাবে প্ৰথমতে তেওঁলোকে ৪ লাখ টকাৰ বাজেট ধৰিছিল বুলি উল্লেখ কৰি এইক্ষেত্ৰত আৰ্থিক সহায় বিচাৰে তেওঁলোকে পৰ্য্যটন বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা বুলি ৰিশ্বনে লগতে কয়।

অহা ১৪ নৱেম্বৰত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে তেওঁলোকৰ এই অভিযান ফ্লেগ অফ কৰাৰ কথা।

অৱশ্যো এইয়া তেওঁলোকে ইয়াক কেৱল এক দুঃসাহসিক অভিযান হিচাপে ধৰা নাই। এই যাত্ৰাৰ জৰিয়তে তেওঁলোকে পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম বিকাশৰ প্ৰতি সজাগতা প্ৰয়াস কৰিব খুজিছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০২০ চনত ৰিশ্বন আৰু স্বেখৰে বাঁহৰ ভূৰত মাজুলীৰ পৰা গুৱাহাটীৰ উমানন্দলৈকে ৮ দিনীয়া এক অভিযান কৰিছিল। ইয়াৰ উপৰি ২০১৫ চনতো দুই বন্ধুয়ে অসম মাউনটেইনাৰিং এছ’চিয়েচনে আয়োজন কৰা শদিয়াৰ পৰা গুৱাহটীলৈ ১২ দিনীয়া ৰেফটিং অভিযানত অংশগ্ৰহণ কৰিছিল।

লগতে পঢ়ক : Meta – সলনি হ’ল ফে’চবুকৰ নাম; জানক কিয়, কেতিয়া, কি ক’লে জুকাৰবাৰ্গে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply