নিউজ ডেস্ক : আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কেতবোৰ মছলাৰ ভিতৰত লং এবিধ যথেষ্ট ঔষধি গুণ সম্পন্ন মছলা। খাদ্যৰ সুগন্ধ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা এই মছলাবিধ শৰীৰৰ বিভিন্ন ৰোগ প্ৰশমনৰ ক্ষেত্ৰটো যথেষ্ট উপযোগী।

ভাৰতত কৰ্ণাটক, তামিলনাডু আৰু কেৰেলাত লঙৰ খেতি কৰা হয়।

লঙৰ পাঁচটা উপকাৰিতা:

দাঁতৰ বিষ:

দাঁত বিষৰ পৰা সকাহ পাবলৈ লঙৰ তেল ব্যৱহাৰ কৰিব পাৰি। কপাহত দুই টোপালমান লঙৰ তেল লৈ তাক দাঁতৰ বিষ হৈ থকা স্থানত প্ৰয়োগ কৰিলে সুফল পোৱা যায়। তদুপৰি পানীত লঙৰ তেল মিহলাই কুলকুলি কৰিলে মুখৰ দুৰ্গন্ধ আৰু দাঁত পোকে খোৱা সমস্যাৰ পৰা হাত সাৰিব পাৰি।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে:

লঙত থকা এণ্টি অক্সিডেণ্টে ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে। লঙৰ তেলত থকা বায়’এক্টিভ যৌগ সংক্ৰামক ৰোগ প্ৰতিৰোধ কৰাৰ দেহত বেক্টেৰিয়াৰ পৰা সৃষ্টি হোৱা বেমাৰৰ বিৰুদ্ধে যুঁজ দিয়ে।

 শালমইনাৰ সমস্যা:

শালমইনাৰ সমস্যা থকা লোকে মুখত লঙৰ তেল সানিলে এই সমস্যাৰ পৰা নিৰাময় লাভ কৰিব পাৰে। লঙৰ তেলত থকা এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ছেপ্টিক গুণে শালমইনা, মুখত গুটি ওলোৱা সমস্যা দূৰ কৰাত সহায় কৰে।

ডায়েবেটিজৰ সমস্যা:

ডায়েবেটিজৰ সমস্যাত ভোগা লোকে লং ব্যৱহাৰ কৰিব পাৰে। চিকিৎসকৰ মতে লঙত থকা নাইজেৰিচিন নামৰ তত্ব বিধে তেজৰ চুগাৰ কমোৱাত সহায় কৰে। অৱশ্যে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ল’ব লাগে।

লগতে পঢ়ক : পাঁচ বছৰত কৈ অধিক সময়ৰ পাছত কইনাধৰাত অনুষ্ঠিত হয় কেবিনেট বৈঠক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply