গুৱাহাটীঃ মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত পৰিল দীর্ঘদিনে বাহন সংক্ৰান্তীয় প্ৰৱঞ্চনা কৰি পলাতক হৈ থকা প্ৰবঞ্চক।
শেহতীয়াকৈ এক প্ৰবঞ্চনাৰ বলি হৈ পলাশবাৰীৰ দম্পতীয়ে বশিষ্ঠ থানাত ৰুজু কৰিছিল এটা গোচৰ।
৪০৬/৪২০/৩৭৯ ধাৰাত ৰুজু হোৱা গোচৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীৰ এটা দলে ডিমাপুৰৰ পৰা প্ৰবঞ্চক জয়ন্ত কুমাৰ দাসক আটক কৰিবলৈ সক্ষম হয়।
লগতে পঢ়কঃআৰক্ষীৰ গুলীত আহত ৰজনীকান্ত দৈমাৰী
২০১৮ চনত গুৱাহাটীৰ সৰুসজাইত থকা জয়ন্ত কুমাৰ দাসৰ ৰামধুত আৰ্থমুভাৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰা ক্ৰয় কৰিছিল এখন এছকেভেটৰ। পৰৱৰ্তী সময়ত প্ৰবঞ্চকজনে প্ৰতি মাহে ৩ লাখ টকা দিয়াৰ চুক্তিত ভাড়ালৈ লয় এছকেভেটৰখন। তাৰ পিছৰে পৰা আত্মগোপন কৰি আছিল প্ৰবঞ্চকজন।
আনহাতে, সৰুসজাইৰ সেই ডিলাৰটো সম্প্ৰতি বন্ধ কৰিছে প্ৰবঞ্চকটোৱে। বহুকেইখন গাড়ী চুৰি চক্ৰৰ লগতো জড়িত আছে বুলি সন্দেহ আৰক্ষীৰ।
ত্ৰিপুৰাৰ এই প্ৰবঞ্চকজনৰ নাগালেণ্ড, ত্ৰিপুৰাতো ডীলাৰ আছে বুলি প্ৰবঞ্চনাৰ বলী হোৱা জনে। আৰক্ষীয়ে প্ৰবঞ্চকজনক জেৰা অব্যাহত ৰাখিছে।