গুৱাহাটীঃ আন্তৰ্জাতিক খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ লগে লগে, ৰাজ্যিক মালিকানাধীন তেল বিপণন কোম্পানীবোৰে ১ নৱেম্বৰ, ২০২২ তাৰিখৰ পৰা পেট্ৰ’ল আৰু ডিজেলৰ দৰে পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্য প্ৰতি লিটাৰত ৪০ পইচা হ্ৰাস কৰিছে।

তথ্য অনুসৰি, ৩১ অক্টোবৰৰ সন্ধিয়া পেট্ৰ’ল আৰু ডিজেল ৪০ পইচা কৈ সস্তা হ’ব বুলি উল্লেখ কৰা হৈছিল । পেট্ৰ’ল আৰু ডিজেলৰ এই নতুন মূল্য ১ নৱেম্বৰ, ২০২২ পুৱা ৬ বজাৰ পৰা প্ৰযোজ্য হৈছে।

দেশৰ ৰাজধানী দিল্লীত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৯৬.৭২ টকা আৰু এক লিটাৰ ডিজেলৰ মূল্য ৮৯.৬২ টকা।

চেন্নাইত এক লিটাৰ পেট্ৰ’লৰ মূল্য ১০২.৬৩ টকা আৰু এক লিটাৰ ডিজেলৰ মূল্য ৯৪.২৪ টকা। কলকাতাত এক লিটাৰ পেট্ৰ’লৰ মূল্য ১০৬.০৩ টকা আৰু এক লিটাৰ ডিজেলৰ মূল্য ৯২.৭৬টকা।মুম্বাইত এক লিটাৰ পেট্ৰ’লৰ মূল্য ১০৬.৩১ টকা আৰু এক লিটাৰ ডিজেলৰ মূল্য ৯৪.২৭টকা।

আন্তঃৰাষ্ট্ৰীয় বজাৰত দীৰ্ঘদিন ধৰি খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ বাবে ভাৰতত পেট্ৰ’ল আৰু ডিজেলপ মূল্য আৰু অধিক সস্তা হোৱাৰ সম্ভাৱনা আছে। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেল প্ৰতি বেৰেলত ৯৫ ডলাৰৰ তলত আছে। এনে পৰিস্থিতিত, ৰাইজে পেট্ৰ’ল আৰু ডিজেল সস্তা হ’ব বুলি আশা ৰাখিছে।

আনহাতে, ১৯ কিলোগ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ১১৫.৫০ কৈ হ্ৰাস পাইছে। পূৰ্বে এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আছিল ১৮৫৯.৫০ টকা যাৰ দাম বৰ্তমান হ’লগৈ ১৭৪৪ টকা ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply