নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কলাক্ষেত্ৰৰ পৰা ঘোষণা কৰে অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধানৰ নাম।অসমৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে বৰ্তমানৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান(SDGP) জি পি সিং ল’ব দায়িত্বভাৰ । কলাক্ষেত্ৰত জি এন এম ৰ ষ্টাফ নাৰ্চৰ নিযুক্তিপত্ৰ প্ৰদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰি ঘোষণা কৰে অসমৰ নতুন হ’বলগীয়া আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ নাম।

বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধানৰ দ্বায়িত্ব থকা ভাস্কৰজ্যোতি মহন্তই অহা ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব। ডিজিপি ভাস্কৰজ্যোতি মহন্তই তেওঁৰ ডেৰটা বছৰৰ কাৰ্যকালত কৰা কৰ্মৰাজিৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখযোগ্য যে, কা আন্দোলন সময়ত ৰাজ্যত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাবোৰ নিয়ন্ত্ৰণ কৰাৰ বাবেই এন আই এৰ পৰা অসমলৈ আহিছিল জি পি সিং।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply