আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব থকা DGP ভাৰস্কজ্য়োতি মহন্তৰ কাৰ্যকাল অন্ত পৰিব অহা ৩১ জানুৱাৰীত। এই খবৰ বিয়পি পৰাৰ পিছতেই সকলোৰে মনত এটাই প্ৰশ্ন – কোন হ’ব অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান ?
ইতিমধ্য়েই সঞ্চালক প্ৰধানৰ বাবে দাবীদাৰ থকা শীৰ্ষ আৰক্ষী বিষয়াৰ নামৰ তালিকা প্ৰেৰণ কৰা হৈছে ইউ পি এছ ই লৈ।
এই পাচঁজনীয়া তালিকাত আছে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি কৈ ঘনিষ্ঠ ১৯৯১ চনৰ আই পি এচ বিষয়া তথা বৰ্তমানৰ SDGP জি পি সিং, ১৯৯১ চনৰ আই পি এচ বিষয়া এছ এন সিং, ১৯৯২ চনৰ আই পি এচ বিষয়া হৰমীত সিং, ১৯৯৩ চনৰ আই পি এচ বিষয়া আৰ পি মীনা আৰু ১৯৯৪ চনৰ আই পি এচ বিষয়া দীপক কুমাৰ ।
উল্লেখ্য় যে এই পাচঁজনীয়া তালিকাৰ ভিতৰত অৱসৰলৈ পাঁচটা বছৰ থকা SDGP জি পি সিং প্ৰৱল দাবীদাৰ বুলি অনুমান কৰিব পাৰি পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধানৰ দৌৰত।
চলিত মাহৰ শেষৰ ফালে ইউ পি এছ ইয়ে অসমৰ নতুন অৰক্ষী সঞ্চালক প্ৰধানৰ নাম যোষণা কৰাৰ সম্ভাৱনা আছে।