নিউজ ডেস্কঃ অসমত প্ৰথমটো জি-২০ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে । এক চৰকাৰী বিবৃতিত প্ৰকাশ কৰা অনুযায়ী, এই সপ্তাহৰ শেষৰ ফালে বিভিন্ন দেশৰ প্ৰতিনিধি সকলে প্ৰথমখন বৈঠক আৰম্ভ কৰিব।

ৰাজ্যখনে ভাৰতৰ বছৰজোৰা জি-২০ সভাপতিত্বৰ অংশ হিচাপে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ বৈঠক আৰু ৱাই-২০ আৰম্ভণি অনুষ্ঠান আয়োজন কৰিব। লগতে, ৰাজ্যখনে মাৰ্চ মাহত দুটা আৰু এপ্ৰিল মাহত এটা জি-২০ বৈঠকৰো আয়োজন কৰিব।

গুৱাহাটীত ২ আৰু ৩ ফেব্ৰুৱাৰীত প্ৰথমখন বহনক্ষম বিত্তীয় কাৰ্যকৰী বৈঠক অনুষ্ঠিত হ’ব আৰু ইয়াত জি-২০ৰ সদস্য দেশসমূহৰ ৯৪ জন প্ৰতিনিধি অংশগ্ৰহণ কৰিব বুলি সোমবাৰে জাৰি কৰা চৰকাৰী বিবৃতিটোত জনোৱা হৈছে।
ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে প্ৰতিনিধিসকলক আদৰণি জনোৱাৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জনজাতীয় লোকগীত আৰু নৃত্য পৰিৱেশনৰ এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰে আৰু অতিথিসকলে তেওঁলোকৰ ভ্ৰমণ উপভোগ কৰিব বুলি আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে,বহনক্ষম বিত্তীয় কাৰ্যকৰী বৈঠকত চাৰিখন অধিৱেশন অনুষ্ঠিত হ’ব, আনহাতে ভ্ৰমণকাৰী প্ৰতিনিধিসকলক ব্ৰহ্মপুত্ৰ নদীত আৰু সাংস্কৃতিক অনুষ্ঠানলৈ ভ্ৰমণলৈ লৈ যোৱা হ’ব। প্ৰতিনিধিসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, গৰভাঙ্গা সংৰক্ষিত বনাঞ্চল আৰু ব্ৰহ্মপুত্ৰৰ বালিবাৰ আদিৰ দৰে গুৰুত্বপূৰ্ণ স্থান সমূহ ভ্ৰমণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে বুলি বিবৃতিটোতৰ জৰিয়তে জনাই।