নিউজ ডেস্কঃ ডিব্ৰুগড়ৰ মনোহৰী ৰিট্ৰিতত শুক্ৰবাৰে জি-২০ৰ সন্মিলন সফল ভাৱে অনুষ্ঠিত হৈ যায়।

সন্মিলনত ২৬ খন বিদেশী ৰাষ্ট্ৰৰ ৫৬ গৰাকী প্ৰতিনিধি লগতে মুঠ ১০৩ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

সন্মিলনত জৈৱ আৰ্ৱজনা কেনেদৰে বিভিন্ন ধৰণে উপযোগী কৰিব পাৰি,তাৰ ওপৰত বহল ভাৱে পৰ্যালোচনা কৰে ভাৰতৰ লগতে বিদেশী প্ৰতিনিধি সকলে।

বহনক্ষম আৰু বৃত্তাকাৰ জৈৱ অর্থনীতি গঢ়াৰ শীৰ্ষ বিষয়ৰ ওপৰত জি-২০ ৰ অধিবেশন অনুষ্ঠিত হয়।

জি-২০ সন্মিলনখন চাৰিটা ভাগত অনুষ্ঠিত হয়।

প্ৰথম অধিবেশনত বিভিন্ন ধৰণৰ কৃষি কাৰ্যৰ লগত আনুষাংগিক প্ৰত্যাহ্বান আৰু সুযোগ, দ্বিতীয় অধিবেশনত অঅংগাৰীকৰণৰ ওপৰত, তৃতীয় অধিবেশনত জৈৱ শক্তিৰ‌ ওপৰত আৰু চতুৰ্থ অধিবেশনত জৈৱ সম্পদ ব্যৱস্থাপনাৰ ওপৰত আধাৰিত আছিল।

উক্ত সন্মিলন খনত ভাৰতক প্রতিনিধিত্ব কৰি কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব তথা জি ২০ আৰ আই আই জিৰ অধ্যক্ষ ড° এছ চন্দ্ৰশেখৰে দেশ-বিদেশৰ প্ৰতিনিধিসকলক আদৰণি জনায়।

এছ.চন্দ্ৰশেখৰে অধিৱেশনৰ সমাপ্তিৰ পিছত সংবাদমেলত মন্তৱ্য আগবঢ়ায় যে, জৈৱিক আৰ্ৱজনা কেনেদৰে বিভিন্ন পদ্ধতিৰে উদ্ভাৱনন কৰিব পাৰি তাৰ ওপৰত নতুন নতুন ধৰণৰ গৱেষণা, বৈজ্ঞানিক পদ্ধতি ইত্যাদিৰ প্ৰচেষ্টা অব্যাহত থাকিব।

উল্লেখযোগ্য যে, এইবাৰ জি-২০ সন্মিলন ভাৰতৰ অধ্যক্ষতাত বৰ্ষজোৰা কাৰ্যসূচীৰে দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ আহিছে। তাৰে অংশৰূপে ডিব্ৰুগড়তো বহনক্ষম বৃত্তাকাৰ জৈৱ অর্থনীতি গঢ়ি তোলাৰ উপায় উদ্ভাৱন সন্দৰ্ভত সন্মিলনখন অনুষ্ঠিত হয়।

লগতে পঢ়ক – ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply