সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰলৈ আগবঢ়োৱা হৈছে ”চাওফা গদাধৰ সিংহ বঁটা” ৷ টাই আহোম য়ুথ ফ’ৰামৰ নামৰ সংগঠটোৱে আগবঢ়াইছে এই বঁটা ৷ গুৱাহাটী বিজ্ঞান কেন্দ্ৰত আয়োজিত অনুষ্ঠানত ” চাওফা গদাধৰ সিংহ বঁটা” গ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷
বঁটা গ্ৰহণ কৰি বিধায়ক কোঁৱৰে কয়, মহাসতী জয়মতীৰ ত্যাগৰ বাবেই গদাধৰ সিংহ স্বৰ্গদেউ হ’ব পাৰিলে। ৰাজনীতি আৰু সমাজনীতি দুয়োটাতে থকা জ্ঞানৰ বাবেই গদাধৰ সিংহ আহোম স্বৰ্গদেউ সকলৰ ভিতৰত শিৰোমণি স্বৰূপ আছিল।
টাই আহোম য়ুথ ফ’ৰামে আগবঢ়োৱা ” চাওফা গদাধৰ সিংহ বঁটা” গ্ৰহণ কৰি বিধায়কগৰাকীয়ে আগন্তক দিনত সমাজৰ হৈ কাম কৰি যোৱাৰো শপত লয়।