মানকাচৰ : আইপিএল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হয় কোটি কোটি টকাৰ জুৱা খেল। নৱ প্ৰজন্মক ধ্বংসৰ মুখে ঠেলি দিয়া আইপিএলৰ নামত চলা জুৱা বন্ধ কৰাৰ দাবীত হাটশিঙিমাৰী জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকক লিখিত অভিযোগ।
অভিযোগ মতে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰায় ১০-১২ জন বুকীয়ে দীৰ্ঘদিনৰ পৰা জিলাখনত অবাধে চলাই আহিছে আইপিএলৰ নামত জুৱা খেল। আৰক্ষী প্ৰশাসনক কেৰেপ নকৰি একাংশ বুকীয়ে এই আইপিএলৰ জুৱাত জড়িত কৰিছে উঠি অহা নৱ প্ৰজন্মক।
উপাৰ্জন নথকা শিক্ষাৰ্থীয়ে এনে আইপিএলৰ জুৱাত লিপ্ত হোৱাত দেউতাই কিনি দিয়া মটৰ চাইকেল পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হোৱাৰ উদাহৰণ আছে। একাংশ পৰিয়ালত এনে ঘটনাৰ বাবে বিভিন্ন ধৰণৰ অশান্তিৰো সৃষ্টি হোৱা পৰিলক্ষিত হয়। এইবাৰ যাতে জিলাখনত আইপিএলৰ নামত কোনো ধৰণৰ জুৱা নচলে ইয়াৰ দাবী জনাইছে একাংশ সচেতন ৰাইজে।
দক্ষিণ শালমাৰা-মানকাচৰত বুকীয়ে যাতে জুৱা চলাৱ নোৱাৰে তাৰ বাবে স্থানীয় সচেতন মহলে দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক এখন লিখিত অভিযোগ দাখিল কৰি জিলাখনৰ বুকী সকলক গ্ৰেপ্তাৰৰ দাবী জনাইছে। নিজে ভুক্তভূগী হোৱা একাংশ যুৱকে এই আইপিএল জুৱাৰ বিৰোধীতা কৰি নৱ প্ৰজন্মক উদ্ধাৰৰ বাবে জিলা প্ৰশাসনক দাবী জনোৱা কাৰ্যই বিশেষ তাতপৰ্য বহন কৰিছে।
লগতে পঢ়ক : হোজাইত দুখীয়া দৰিদ্ৰ ৰাইজৰ বাবে আইনী সাহাৰ্য শিবিৰ
মন কৰিবলগীয়া বিষয় এয়া যে কেৱল আইপিএলৰ সময়তে নহয়, জিলাখনত একাংশ বুকীয়ে বছৰৰ প্ৰতিটো দিনতে চলি থকা ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সকলো ধৰণৰ ক্ৰিকেট খেলত জুৱা চলাই এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। এনে ক্ষেত্ৰত আৰক্ষীয়ে এই বুকী সকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে নাই এইয়া সময়তে দেখিবলৈ পোৱা যাব।