অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন । বসন্তক আদৰিবলৈ ঢোল-পেঁপাৰ মাতত ৰজনজনাই উঠিছে ৰাজ্য । হেঁপাহৰ ৰঙালী বিহুক লৈ উখল-মাখল হৈছে ৰাজ্যৰ বজাৰসমূহ । গ্ৰামাঞ্চলৰ সমান্তৰালকৈ নগৰ অঞ্চলসমূহতো ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে ।
যোৱা দুটা বছৰ ক’ভিডৰ বাবেই বিহুৰ উৎসাহ যথেষ্ট পৰিমাণে ম্লান কৰাৰ পাছত পুনৰ বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো নলবাৰী, শুৱালকুছি, ৰামদিয়া, হাজো, বাইহাটা চাৰিআলি আদিৰ পৰা অহা হেজাৰ হেজাৰ থলুৱা গামোচা-জাপি-কাপোৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ ।
ৰঙালী বিহুক কেন্দ্ৰ কৰি থলুৱা গামোচা-জাপি-কাপোৰেৰে মহানগৰীৰ বজাৰ ভৰি পৰিলেও বহিঃৰাজ্যৰ গামোচাই প্ৰত্যাহ্বান কঢ়িয়াই আনিছে শিপিনীসকললৈ । থলুৱা শিপিনীয়ে প্ৰস্তুত কৰি উলিওৱা ১০০-১৫০ টকীয়া একোখন গামোচাৰ বিপৰীতে ৫০-৬০ টকা দৰত বহিঃৰাজ্যৰ গামোচা বজাৰত উপলব্ধ হৈছে । থলুৱা শিপিনীয়ে বৈ উলিওৱা ১২শ-১৫শ টকীয়া মুগা-পাটৰ গামোচাৰ নকল ৰূপ দি বহিঃৰাজ্যৰ পৰা আহিছে আৰু এই গামোচাসমূহ দুশ-তিনিশ টকাতে উপলব্ধ হৈছে বুলি অভিযোগ উত্থাপন কৰিছে থলুৱা ব্যৱসায়ীসকলে ।
বিহু আহিলেই বজাৰত মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী নকৰিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ দি থকাতো এক প্ৰকাৰৰ নিয়মত পৰিনত হৈছে । হস্ততাঁত ( উৎপাদিত সামগ্ৰী সংৰক্ষণ ) আইন, ১৯৮৫ ৰ অধীনত গামোচা তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত হাতেবোৱা বস্ত্ৰ বিদ্যুৎচালিত তাঁতশালত উৎপাদন কৰাটো নিষিদ্ধ । ইয়াৰ পিছতো নিষেধাজ্ঞা পালন নকৰি অসমৰ বজাৰৰ পৰা কোটি কোটি টকা বছৰি মেচিনত বোৱা গামোছাৰ পৰা বাহিৰলৈ ওলাই যায় কেনেকৈ।
বিহু বুলি অসমৰ শিপিনীয়ে গামোচা প্ৰস্তুত কৰাৰ পৰিকল্পনাৰে দিন-ৰাতি একাকাৰ কৰি আজি কি পাইছে। কষ্টৰ উচিত মূল্য নোপোৱাৰ অভিযোগ ৰাজৰ প্ৰত্যেক গৰাকী শিপিনীৰ । সূতাৰ দাম বৃদ্ধি আৰু চালানি গামোচাই জ্বলা-কলা খুৱাইছে থলুৱা শিপিনীক।
যি সময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিহুত থলুৱা গামোচা ব্যৱহাৰ কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে সেই সময়ত সংশ্লিষ্ট বিভাগৰ অমনোযোগিতাৰ বাবে এইবাৰ অসমীয়া বহিঃৰাজ্যৰ গামোচাৰে বিহু পাতিব লাগিব বুলি মন্তব্য কৰিছে আৰ্টফেড্ কৰ্মচাৰী সন্থাই । ৰাজ্যৰ শিপিনীসকলক যোৱা পাঁচ দশকে স্বাৱলম্বিতাৰ বাট প্ৰশস্ত কৰি অহা আৰ্টফেডৰ কৰ্মচাৰীসকলে অব্যাহত ৰখা প্ৰতিবাদৰ ফলত এইবাৰ বিহুৰ বজাৰত আঠ-ন লাখ থলুৱা গামোচা নাটনি হ’ব বুলি সদৰী কৰিছে কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ধীৰেণ কুমাৰ নাথে ।
আৰ্টফেড কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ধীৰেণ কুমাৰ নাথে কয়, ‘আজি এটা বছৰ হ’ল এক লেচা সূতা নাই আমাৰ বেংকত । বিহু আহিলে কিন্তু সূতা নাপালে শিপিনীয়ে ক’ৰ পৰা বিহুলৈ বুলি কাপোৰ-গামোচা বব ? বহাগ বিহুৰ সময়ত আৰ্টফেডে আঠ-ন লাখ গামোচা অসমৰ ৰাইজক যোগান ধৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ থলুৱা শিপিনীৰ পৰা গামোচা সংগ্ৰহ কৰি আৰ্টফেডৰ জৰিয়তে অসমৰ ৰাইজক যোগান ধৰা হয় । এইবাৰ এই ব্যৱস্থা নাই যাৰ ফলত বহিৰাগত যিটো মাদ্ৰাজী গামোচা বুলি কওঁ সেই গামোচাই এইবাৰ বিহুৰ বজাৰ দখল কৰাটো নিশ্চিত ।’
থলুৱা শিপিনীয়ে বৈ উলিওৱা ভমকাফুলীয়া গামোচাৰ নকল ৰূপ আজিৰ দিনত বহিঃৰাজ্য পৰা আহি গুৱাহাটীত তিনিশ টকাত উপলব্ধ হৈছে । ফাঁচীবজাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ এইবোৰ সৰবৰাহ হৈছে তাক চাওতা এতিয়া কোনো নাই । দুই এখন জিলাই বিক্ৰী বন্ধৰ নিৰ্দেশ দিছে যদিও তাক মূল স্থানতে বন্ধ কৰাৰ চেষ্টা কোনেও কৰা নাই। এনেদৰে আমাৰ শিপিনীসকলৰ ভবিষ্যত অনিশ্চয়তালৈ ঠেলি দি চৰকাৰ এতিয়া গভীৰ নিদ্ৰাত।