যোৰহাট- আজি মঘাই ওজাৰ ৪২ তম মৃত্যু তিথি । এই মৃত্যু দিৱসতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটত কেন্দ্রীয় ভাবে পালন কৰে একাদশ তম কেন্দ্রীয় মঘাই ওজা দিৱস । যোৰহাট শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই কাৰ্য্যসূচীত সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, সভাপতি ৰাণা প্ৰতাপ বৰুৱাৰ লগতে বহু বিষয়ববীয়া উপস্থিত থাকে । পুৱাই ৰাণা প্ৰতাপ বৰুৱাই পতাকা উত্তোলন কৰাৰ পাছত স্মৃতি তৰ্পন কৰে পলাশ চাংমায়ে ।
লগতে যোৰহাট সদৰ থানাৰ সমীপত অৱস্থিত গণ শিল্পী জনৰ প্ৰতিমূৰ্তিত মল্যৰ্পণ কৰে তেখেতক শ্ৰদ্ধাৰে সুঁৱৰে । আনহাতে যোৰহাটৰ মাজেদি এক বিশাল বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্রাও বাহিৰ কৰে । “কা আমি নামনো” প্লে কাৰ্ড লৈও শোভাযাত্ৰাত অংশ লয় সদস্যই । জনপ্রিয় কন্ঠ শিল্পী মানস ৰবীনে শুভাৰম্ভ কৰা শোভাযাত্রাত অংশগ্ৰহণ কৰে কেইবাজনো বিশিষ্ট শিল্পীয়ে । এইবাৰ মঘাই ওজা বটা প্ৰদান কৰা হ’ব শিল্পী মহেন্দ্র চুতীয়াক ।