গুৱাহাটী : ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগত আৰু অসম ৰাজ্যিক অনুসুচিত জাতি উন্নয়ণ নিগম লিমিটেডৰ উদ্যোগত কাইলৈৰ পৰা দহ দিনীয়া কাৰ্যসুচীৰে গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰত আৰম্ভ হ’ব গান্ধী শিল্প বজাৰ । যত থাকিব দেশৰ বিভিন্ন ঠাইৰ ১০০ খন বিপণী । এই বিপণী সমুহৰ জৰিয়তে অনুসুচিত জাতিৰ বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিসকলে তেওলোকৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰিব । এই ধৰণৰ গান্ধী শিল্প বজাৰ পৰৱৰ্তী সময়ত তেজপুৰ আৰু নগাওতো অনুষ্ঠিত হব ।
আজি দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত অসম ৰাজ্যিক অনুসুচিত জাতি উন্নয়ণ নিগম লিমিটেডৰ অধ্যক্ষ জয়ন্ত কুমাৰ দাস আৰু উপাধ্যক্ষ লক্ষীধৰ সেনচোৱা এই কথা সদৰি কৰে । অনুসুচিত জাতিৰ মহিলাসকলৰ সামগ্ৰীক উন্নয়ণৰ বাবে নিগমে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসুচীৰ কথা উল্লেখ কৰি সংবাদমেলত অধ্যক্ষ দাসে কয় যে – অনুসুচিত জাতিৰ মহিলা শিল্পীৰ কাৰিকৰী জ্ঞানৰ বাবে অচিৰেই দুমহীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ প্ৰস্তুতি চলাইছে। এই প্ৰশিক্ষণ কাৰ্যসূচী নগাঁও, তেজপুৰ, শিৱসাগৰ,গুৱাহাটী,আৰু নলবাৰীত অনুষ্ঠিত হ’ব। প্ৰতিটো কেন্দ্ৰত ৪০ গৰাকীকৈ মহিলাক মুঠ ২০০ মহিলা শিল্পীক কাৰিকৰী জ্ঞানৰ প্ৰশিক্ষণ প্ৰদান কৰা হব । প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষিত মহিলা শিল্পীক তাঁতশাল , এম্ভ্ৰইডাৰী মেচিন আদি সামগ্ৰী যোগান ধৰা হ’ব ।

লগতে পঢ়ক – গুৱাহাটীৰ দুই যুৱতীৰ আলফাত যোগদান সম্পৰ্কে কি জনালে পৰেশ বৰুৱাই?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply