নিউজ ডেস্কঃ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক ক্ষুৰধাৰ সমালোচনা ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীৰ।
প্ৰমোদ বড়োই আবছুৰ সভাপতি হৈ থাকোঁতে বহুতো দুৰ্নীতি কৰিছে, দুখীয়া ৰাইজৰ টকা খাই ৭ কোটি টকাৰ মালিক হৈছে। প্ৰমোদ বড়োৰ ৯ মহীয়া চৰকাৰখনে একো এটা কাম কৰিব পৰা নাই, হাগ্ৰামা মহিলাৰীৰ দিনত দলং,ৰাষ্টা ঘাটকে ধৰি বিটিচিত বহুখিনি উন্নতি হৈছে বুলি মন্তব্য কৰে গণেশ কছাৰীয়ে।
লগতে পঢ়কঃসকলো টেট শিক্ষকৰ নথিপত্ৰ পৰীক্ষা কৰিব শিক্ষা বিভাগে
গণেশ কছাৰীয়ে কয় যে বিজেপি,এজেপি, UPPL ৰ মিত্ৰজোটৰ প্ৰাৰ্থী জলেন দৈমাৰী জুনিয়ৰ লৰা, তেখেতৰ উজ্জল ভৱিষ্যত কামনা কৰিছোঁ, কিন্তু তেখেত প্ৰথম খোজত বিফল হ’ব।
উপ নিৰ্বাচনলৈ সাজু হৈছে ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰী।
হেলিকপ্তাৰৰ চিনত ভোট দিবলৈ তামুলপুৰ বাসী ৰাইজক আহ্বান গণেশ কছাৰীৰ।