খেত্ৰী : ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ইতিমধ্যে ড্ৰাগছৰ লগতে সকলো ধৰণৰ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে জেহাদ ঘোষণা কৰি কেইবাটাও সাফল্য লাভ কৰিছে।
ৰাজ্যৰ প্রান্তে প্রান্তে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সমান্তৰালে মহানগৰ আৰক্ষীও অধিক তীব্রতৰ কৰি তুলিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। বিগত দুদিন ধৰি মহানগৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে।
বৃহস্পতিবাৰে নিশাৰ পূব গুৱাহাটী আৰক্ষীৰ অধীনত খেত্ৰী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। অভিযানত এজন গাঞ্জা ব্যৱসায়ীও জালত পৰে আৰক্ষীৰ।
আৰক্ষীয়ে খেত্ৰীৰ বগৰীবাৰী গাঁৱত অভিযান চলাই দীনেশ দাস নামৰ এজন গাঞ্জা ব্যৱসায়ীৰ গ্ৰেপ্তাৰ কৰাৰ লগতে দীনেশ দাসৰ কবলৰ পৰা ১০.১০০ কেজি গাঞ্জা জব্দ কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে দীনেশ ডাক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : মাৰোৱাৰী হাস্পতালত সংযোজন হ’ল নতুন ডাইলেছিছ কেন্দ্ৰ
উল্লেখ্য যে বৃহস্পতিবাৰে ড্ৰাগছ বিৰোধী অভিযান চলাই পশ্চিম গুৱাহাটী আৰক্ষীও বৃহৎ সাফল্য লাভ কৰিছিল। পশ্চিম গুৱাহাটী আৰক্ষীয়ে লাখৰা আৰু কতাবাৰীৰ পৰা দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছিল বুজন পৰিমাণৰ ড্ৰাগছ।