মানকাচৰ : নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। জিলাখনৰ প্রান্তে প্রান্তে আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে চলাই গৈছে ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান। ড্ৰাগছ বিৰোধী অভিযান প্ৰতিদিনে জব্দ হৈছে আছে নিচাজাতীয় সামগ্ৰী।
বৃহস্পতিবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অন্তৰ্গত মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ ভাটি ঝগৰাৰচৰত আৰক্ষী আৰু চি আৰ পি এফে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। এক গোপন খবৰৰ ভিত্তিত আৰক্ষী আৰু চি আৰ পি এফে পুৱতি নিশা ২ বজাত গাঞ্জা মাফিয়া কচু মিঞাৰ ঘৰত অভিযান চলাই গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়। গাঞ্জাখিনিৰ মূল্য ৫০ লক্ষাধিক টকা হ’ব বুলি ধাৰণা কৰা হৈছে।
লগতে পঢ়ক : অসম-মিজোৰামৰ সীমা বিবাদঃ সমাধান সূত্ৰৰ সন্ধানত
গাঞ্জা মাফিয়া কচু মিঞাই নিজৰ ঘৰৰ সন্মুখত মাটিৰ তলত বাকচ এখন ভৰ্তি কৰি গাঞ্জাখিনি পুতি ৰাখিছিল। ইফালে আৰক্ষীৰ অভিযানৰ খবৰ পাই নিশাই কচু মিঞা পলায়ন কৰে। উল্লেখ্য যে বুধবাৰেও আৰক্ষী আৰু চি আৰ পি এফে পুৱতি নিশা ৪ বজাত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰা লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল।