কোকৰাঝাৰ : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। পুনৰ অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। এইবাৰ কোকৰাঝাৰ আৰক্ষীৰ গুলী চালনা অপৰাধীক লক্ষ্য কৰি। কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত এজন গাঞ্জা সৰবৰাহকাৰী।
পুৱতি নিশা কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত হয় এজন গাঞ্জা সৰবৰাহকাৰী। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰীজনক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলী গাঞ্জা সৰবৰাহকাৰীজনৰ ভৰিত লাগিছে।
লগতে পঢ়ক : শক্তিপীঠ মা কামাখ্যা মন্দিৰলৈ আহিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী
আৰক্ষীৰ গুলীত আহত হোৱা গাঞ্জা সৰবৰাহকাৰীজনৰ নাম হৰেণ যাদৱ। হৰেণ যাদৱৰ ঘৰ উত্তৰ প্ৰদেশত। সোমবাৰে আৰক্ষীয়ে ৭০ লাখ টকাৰ গাঞ্জাসহ হৰেণ যাদৱক গ্ৰেপ্তাৰ কৰিছিল। এখন ট্ৰাকত গাঞ্জাখিনি আনিছিল হৰেণ যাদৱ।