সোমবাৰে ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই অসম-ত্ৰিপুৰা সীমান্তৰ পৰা ২৩০ কিলোগ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰে। উদ্ধাৰ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য ১.৮ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
প্ৰাপ্ত তথ্য মতে, উত্তৰ ত্ৰিপুৰা জিলাৰ পানীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শৌভিক দে’ৰ নৃত্বত এটা আৰক্ষীৰ দলে অসম-ত্ৰিপুৰা সীমান্তত অসমলৈ আহি এখন টেংকাৰত লুকুৱাই অনা উক্ত গাঞ্জাখিনি জব্দ কৰে।
লগতে পঢ়ক : ক’ভিড চিকিত্সাত আৰু প্ৰয়োজন নহ’ব প্লাজমা থেৰাপী
উক্ত ঘটনাৰ সৈতে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। লোক দুজন গাড়ীখনৰ চালক আৰু যোগালি। দুয়োগৰাকীয়ে অসমৰ বাসিন্দা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
মধ্যপ্ৰদেশৰ পঞ্জিয়ণ নম্বৰযুক্ত টেংকাৰখনত গাঞ্জাখিনি ২৬টা পেকেটত ভৰাই অনা হৈছিল।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে Narcotic Drugs and Psychotropic Substances Actৰ অধীনত পানীসাগৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি তদন্ত চলাই আছে।