গুৱাহাটীঃ বিশিষ্ট নৃত্য পটীয়সী গৰিমা হাজৰিকাৰ দেহাৱসান। বাৰ্ধক্যজনিত কাৰণত গুৱাহাটীৰ উলুবাৰীৰ বাসগৃহত নিশা প্ৰায় ১ বজাত মৃত্যু হয় গৰিমা হাজৰিকাৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।
২০০৬ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল গৰিমা হাজৰিকাই। গৰিমা হাজৰিকা এগৰাকী দক্ষ নৃত্যশিল্পীৰ লগতে আৰু চিত্ৰশিল্পতো পাৰ্গত আছিল।
১৯৩৯ চনৰ ২৭ এপ্ৰিলত গুৱাহাটীত ড০ ভুৱনেশ্বৰ বৰুৱা আৰু ইন্দ্ৰপ্ৰভা বৰুৱাৰ ঔৰসত জন্ম হৈছিল গৰিমা হাজৰিকাৰ। পাঁচজন ভাতৃ-ভগ্নীৰ ভিতৰত আটাইতকৈ সৰু আছিল গৰিমা। অতি কম বয়সতেই কথক আৰু সত্ৰীয়াত পাৰ্গত হৈ উঠিছিল গৰিমা। ১৯৬২চনত দিল্লী স্কুল অৱ আৰ্টছৰ পৰা ওডিচী নৃত্যৰ বিশাৰদ ডিগ্ৰী লৈছিল।
ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ ওডিচি নৃত্যৰ গুৰু মুৰলীধৰ মাঝিৰ নিৰ্দেশনাত ১৯৮২ চনত গৰিমা হাজৰিকাই মিতালী কলা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল। উল্লেখ্য যে এইটো হৈছে মিতালী সংঘৰ এটা অংশ, যিটো ১৯৬৯ চনত মহিলা আৰু শিশুৰ উন্নতিৰ দিশত কাম কৰিবলৈ প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁ ১৯৯২ চনত অনুষ্ঠিত দক্ষিণ এছিয়া মহোৎসৱত প্ৰথম নৃত্য প্ৰদৰ্শন কৰিছিল বুলি জনা যায়।
প্ৰসিদ্ধ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।