নিউজ ডেস্কঃ অসমৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে ছচিয়েল মিডিয়া যোগে অভিনয় জগতৰ একাংশ পৰিচালক-প্ৰযোজকৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
শিল্পীক কেনেদৰে এগৰাকী পৰিচালকে কাম দিয়াৰ নামত প্ৰতাৰণা কৰে তাকেই এটা ফেচবুক প’ষ্টটোৰ জড়িয়তে ব্যক্ত কৰে গৰিমা শইকীয়া গাৰ্গে।
গৰিমা শইকীয়া গাৰ্গে লিখিছে, ”আজি কালি অসমীয়া মেগা(?) serial ৰ দুই এজন প্ৰযোজক, পৰিচালকে হয়তো নিজকে ভগৱান বুলি ভাবিবলৈ লৈছে । স্বনামধন্য (?) এই দুই এজন ব্যক্তিয়ে হয়তো আন এজন ব্যক্তিৰ সময়,নিষ্ঠা আৰু কামৰ প্ৰতি থকা আগ্ৰহ,ভক্তিক আজিলৈকে উপলব্ধি কৰা নাই আৰু কৰি চাবও বিচৰা নাই । perfectionist ৰ বেশ ধৰি পোন্ধৰ দিন, এমাহ, দুমাহলৈকে এটা কামৰ বাবে বিস্তৃত ভাৱে কথা পাতি, কথা দি, সকলো ধৰণেৰে প্ৰস্তুতি কৰোৱাই এজন শিল্পীক শেষ মুহূৰ্ত্তত নাকচ কৰি একেবাৰে হতাশ কৰি কেনে ধৰণৰ পাশবিক আনন্দ(?) পায় বুজি নাপাওঁ । শেহতীয়া ভাৱে এনেকুৱা কেইবাটাও কথা শুনিলো, নিজেই পৰোক্ষভাৱে জড়িত হৈ থকা কামত একেবাৰে ওচৰৰ পৰা দেখিলোঁ । কিবা এটা দুখ, খং নে ক্ষোভ কʼব নোৱাৰো ,, কিন্তু বিৰাট এক অশান্তি পাইছোঁ এনেকুৱা অন্যায় দেখি । এগৰাকী শিল্পীয়ে যেতিয়া এটা চৰিত্ৰ নিজৰ কৰি লয়, আৰু সেই চৰিত্ৰটোক ( মানে আন এজন ব্যক্তিক) নিজৰ মাজত ধাৰণ কৰি জীয়াবলৈ লয়, তাৰ পিছত হঠাৎ এদিন কোনো কাৰণ নোহোৱাকৈ সেই ব্যক্তিজনক হত্যা কৰি পেলাব লগা হোৱাটো কিমান কষ্টকৰ হʼব পাৰে ,এবাৰ উপলব্ধি কৰি চাইনে তেওঁলোকে ? আনৰ সময়বোৰ, আশাবোৰ তেওঁলোকৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰাৰ অধিকাৰ তেওঁলোকক দিয়া হৈছে বুলি যদি তেওঁলোকে ভাবি লৈছে, তেন্তে এইটো ও মনত ৰখা উচিত যে সময়ৰ হাতত তেওঁলোকো এদিন পুতলা হৈ নাচিব লগা হʼব পাৰে । গতিকে আনৰ সময়, নিষ্ঠা আৰু আশাবোৰক গচকি কোনেও কিন্তু ফুলেৰে পথ সজাব নোৱাৰে.. মনত ৰাখিব ।”
গৰিমা গাৰ্গৰ এই প’ষ্টটোত সাহিত্যিক ৰীতা চৌধুৰীয়ে নিজৰ মত প্ৰকাশ কৰি লিখিছে , ”সকলো ক্ষেত্ৰতে আছে৷ মই অলপদিন আগতে লিখিছিলোঁ কেনেকৈ ধাৰাবাহিক ভাৱে লিখি থকা ’মায়াবৃত্ত’ সামৰিবলৈ কোৱা হৈছিল৷ ওখ ঠাইত বহি থকা বহুত মানুহ আচলতে বহুত তলৰ মানুহ৷ একো একোজন sadist, insecure, jealous আৰু exploiter হয়৷নিজৰ প্ৰকৃত ৰূপটো আৰু নিজৰ অযোগ্যতা নিজে জানে বাবেও হীনমন্যতাত ভোগে৷ বৰ ক্ষতিকাৰক এইবোৰ মানুহ৷ পানীৰ তলৰ কাঁইট৷প্ৰতিকাৰ আৰু প্ৰতিৰোধৰ পথ জটিল৷মই ভাবো উপেক্ষা কৰি, নিজক আহত হ’বলৈ নিদি সম্ভাৱনাবোৰলৈ চোৱাটোৱেই আগবাঢ়ি যোৱাৰ এটা ইতিবাচক বাট৷আত্মসন্মান কিমান আহত হয় মই অনুভৱ কৰিব পাৰোঁ৷ মইতো কলমটোকেই পাশুপাত কৰি তুলি মাৰি পঠিয়াও৷ বহুত ক’ব লগা আছে৷ মনলৈ অহা কথা অলপ ক’লো৷ পাশুপাত আশাকৰোঁ তোমালোকেও গঢ়ি ল’ব পাৰিবা৷ নোৱাৰালৈকে নিজক সজীৱ আৰু positive কৰি ৰাখিব লাগিব৷ কিছুমান অমানুহৰ বাবে আমাৰ ভিতৰৰ সৃষ্টিশীলতা আৰু মহত্তৰ জীৱনপথ হেৰাই যাবলৈ দিমেই বা কিয়? আমি জানো ইমান দুৰ্বল আৰু অসহায়?”
গৰিমা শইকীয়া গাৰ্গৰ এই পোষ্টটোত চলচ্চিত্ৰ জগতৰ বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়েও সমৰ্থন কৰি মত প্ৰকাশ কৰিছে।বহুকেইগৰাকীয়ে এইধৰণৰ দুখজনক পৰিস্থিতিৰ সন্মুখীন হোৱা বুলিও উল্লেখ কৰিছে।
গৰিমা শইকীয়া গাৰ্গৰ এই পোষ্টটোৱে অসমীয়া চলচ্চিত্ৰজগততো যে lobbyism, nepotism চলে তাৰে ইংগিত দিছে।
লগতে পঢ়কঃলাভলীনাক আদৰি অনাৰ বাবে ব্যাপক প্ৰস্তুতি