বকো : ক’ভিডৰ ফলত কৰ্মসংস্থাপন হেৰুৱাই নিবনুৱা হৈ পৰা এজাক যুৱতীয়ে চিপছ বনাই আৰ্থিকভাৱে লাভান্বিত হৈছে। নিজ অঞ্চলত সহজে উপলব্ধ বিভিন্ন ফলেৰে চিপছ বনাই বিক্ৰী কৰিছে গাৰো সম্প্ৰদায়ৰ যুৱতী সকলে। বিক্ৰীৰ বাবে নিজ অঞ্চলতে এই সকল যুৱতীয়ে লাভ কৰিছে চিপছৰ এক বৃহৎ বজাৰ।
বিগত দুবছৰ ধৰি সমগ্ৰ বিশ্বতে ক’ভিডৰ তাণ্ডৱলীলা। বিশ্বব্যাপী এই মহামাৰী মানৱ জাতিৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। যোৱা বছৰ ক’ভিডৰ প্ৰথমটো ঢৌৱে সৃষ্টি কৰা ভয়ংকৰ পৰিস্থিতিৰ পিছৰে পৰা কৰ্মসংস্থাপনহীন হৈ পৰিছে বহু লোক। বিশেষকৈ নিজ নিজ ৰাজ্য এৰি বহিঃৰাজ্যত কৰ্মৰত লোক সকল নিজ ৰাজ্যলৈ উভতি আহি নিবনুৱা হৈ পৰিছে।
এই নিবনুৱা সকলৰ ভিতৰত আছে অসমৰো লাখ লাখ লোক। এই সকল নিবনুৱা লোকৰ সন্মুখত আদৰ্শ হিচাপে থিয় দিছে বকোৰ গাৰো সম্প্ৰদায়ৰ এজাক যুৱতী। কৰ্মসংস্থাপন হেৰুৱাই এই গাৰো সম্প্ৰদায়ৰ যুৱতী সকলে নিজ অঞ্চলত সহজে লাভ কৰা ফল ব্যৱহাৰ কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈ উঠিছে। নিজে উৎপাদন কৰা সামগ্ৰী বিক্ৰীৰ বাবে নিজ অঞ্চলটোতে এই সকল যুৱতীয়ে গঢ়ি তুলিছে এক বৃহৎ বজাৰ।
কামৰূপ জিলাৰ বকোৰ গাৰো সম্প্ৰদয়াৰ কিনানগাঁওৰ এজাক যুৱতীয়ে কঠাল আৰু কলৰ চিপছ বনাই আৰ্থিকভাৱে স্বাৱলম্বী হৈছে উঠিছে। যোৱা বছৰ ক’ভিডৰ প্ৰথমটো ঢৌৰ সময়ত এই যুৱতী সকল বহিঃৰাজ্যত কৰ্মসংস্থাপন হেৰুৱাই ঘৰলৈ উভতি আহিবলগীয়া হৈছিল। ইয়াৰোপৰি বিদ্যালয়, মহাবিদ্যালয় বন্ধ হৈ পৰাত বহু ছাত্ৰী ঘৰতে থাকিবলগীয়া হৈছে।
ঘৰতে থাকি যাতে মহাসংকটৰ এই দিন কেইটাত এই যুৱতী সকলে কঠাল আৰু কলৰ চিপছ বনাই নিজ অঞ্চলতে বিক্ৰী কৰি যথেষ্ট পৰিমাণে আৰ্থিকভাৱে লাভান্বিত হৈছিল। কিনানগাঁওৰ চিপছ বনোৱা এগৰাকী যুৱতী চানচিলা ডি. চাংমাই কয় যে, বৰ্তমান পৰিস্থিতিত আমাৰ বাবে ঘৰত কৰিবলগীয়া বিশেষ কোনো কাম নাই গতিকে, এনেই থকাতকৈ ঘৰতে বহি কিবা কাম কৰি উপাৰ্জন কৰাৰ উদ্দেশ্যে আগত লৈ অঞ্চলতোত সহজলভ্য ফলৰ পৰা চিপছ বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো।
লগতে পঢ়ক : গোলাঘাট জিলাত ২১ জুনৰ পৰা দৈনিক ১২হাজাৰ লোকক প্ৰতিষেধক প্ৰদান
চানচিলাই ডি. চাংমাই লগতে কয় “কল আৰু কঠাল দুয়োবিধ ফল অঞ্চলতোত প্ৰচুৰ পৰিমাণে পোৱা যায় বাবেই এই দুটা ফলৰ চিপছ বনোৱাৰ সিদ্ধান্ত আমি গ্ৰহণ কৰো”। এটা কঠালৰ পৰা ২০ ৰ পৰা ৩০ পেকেট চিপছ উৎপাদন কৰা হয় বুলিও জানিবলৈ দিয়ে চানচিলাই ডি. চাংমাই। উল্লেখ্য যে, কামৰূপ জিলাৰ বকোৰ অসম-মেঘালয় সীমান্তৰ পাহাৰীয়া এই গাৰো জনবসতি অঞ্চলত বিভিন্ন ধৰণৰ ফলৰ গছ আছে।