দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ ৰাজহ চক্ৰৰ অধীনত থকা পানকাটা গাঁও পঞ্চায়তৰ কুৰালভাঙ্গাত মেঘালয়ৰ গাৰো পাহাৰৰ পানীয়ে এখন বাঁহৰ সাঁকো উটুৱাই নিয়ে। গাৰো পাহাৰৰ পানীৰ ঢলে বাঁহৰ সাঁকো উটুৱাই নিয়াৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বহু কেইটা অঞ্চল। বিগত তিনিদিন ধৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰত বৰষুণ হোৱাৰ ফলত গাৰো পাহাৰৰ পৰা পানীৰ ঢল নামি আহিছে।

মানকাচৰৰ কালো নদীৰে পানীৰ ঢল নামি অহাৰ ফলত কুৰালভাঙ্গা-কালাপানী সংযোগী পথৰ ওপৰত থকা বাঁহৰ সাঁকোখন উটুৱাই নিয়ে। যোৱা বছৰ এই বাঁহৰ সাঁকোৰ ঠাইত এখন কাঠৰ দলং আছিল যদিও মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ঢলৰ ফলত কাঠৰ দলংখনও উটি যায়। ফলত ৰাইজে যাতায়তৰ বাবে বাঁহৰ সাঁকো নিৰ্মান কৰি যাতায়ত কৰি আছিল। অৱশ্যে চৰকাৰীভাৱে কুৰালভাঙ্গা-কালাপানী সংযোগী পথৰ ওপৰত থকা কালো নদীত প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে এখন আৰ চি চি দলং নিৰ্মাণৰ কাম চলি থকা পৰিলক্ষিত হৈছে।

ইয়াৰ মাজতে বাঁহৰ সাঁকোখন এইদৰে পানীৰ ঢলে উটুৱাই নিয়াত কালাপানী অঞ্চলৰ সৈতে বহু অঞ্চলৰ যোগাযোগ বিছিন্ন হৈ পৰিছে। মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ঢলৰ ফলত কালাপানী আৰক্ষী চকীত ব্যাপক গৰাখহনীয়া আৰম্ভ হৈছে। ইতিমধ্যে যোৱা বছৰ বানৰ সময়ত খহনীয়া হোৱাত আৰক্ষী চকীখনৰ শৌচালয় গৃহৰ কিছু অংশ কালো নদীয়ে উটুৱাই নিছিল। পুনৰ অঞ্চলটোত খহনীয়া আৰম্ভ হোৱাৰ লগতে মেঘালয়ৰ গাৰো পাহাৰত অধিক বৰষুণ হ’লে কালাপানী আৰক্ষী চকী প্ৰতি ভয়াবহ ভাবুকি আহি পৰিব বুলি ধাৰণা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply