নিউজ ডেস্কঃ বিগত বৰ্ষত ছিপাঝাৰৰ গৰুখুঁটিত উচ্ছেদ কৰা পৰিয়ালৰ পক্ষত থিয় দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৭০০ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰে জিলা উপায়ুক্তক । গৰুখুঁটিৰ পৰিয়ালৰ লোকক অহা ৬ মাহৰ ভিতৰত সকলো সংস্থাপনৰ কাম শেষ কৰিবলৈও নিৰ্দেশনা জাৰি কৰে।

সম্প্ৰতি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গৰুখুঁটিৰ উচ্ছেদক লৈ উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এখন পিআইএল। সেই পিআইএল ৰ শুনানিত অসম চৰকাৰৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে দাখিল কৰা তথ্য অনুসৰি বৰ্তমান লৈকে ৬০০ পৰিয়ালক বিকল্প ভূমি প্ৰদান কৰি সংস্থাপন প্ৰদান কৰা হৈছে বুলি ন্যায়ালয়ক অৱগত কৰে। লগতে বিভাগটোৱে জানিবলৈ দিয়া অনুসৰি বাকী থকা ১০০ টা পৰিয়ালে কোনো ধৰণৰ আৱেদন নকৰাৰ বাবে সংস্থাপন দিয়া হোৱা নাই বুলি কয়।

উল্লেখযোগ্য যে, ২০২১ চনত প্ৰথম বাৰৰ বাবে অসম চৰকাৰে এক বৃহৎ উচ্ছেদত অভিযান চলাইছিল ছিপাঝাৰৰ গৰুখুঁটিত। অভিযানত এজন ব্যক্তিৰো মৃত্যু হৈছিল আৰক্ষীৰ গুলীত যিয়ে সমগ্ৰ ভাৰতক কপাঁই তুলিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply