নিউজ ব্যুৰ’ – এগৰাকী ন্যায়াধীশক ‘মডেল’, ‘ভস্মাসুৰ’ৰ লগত তুলনা কৰি শাস্তিৰ সমূখীন হৈছে অসমৰে এগৰাকী অধিবক্তা। ন্যায়াধীশৰ প্ৰতি আগবঢ়োৱা চূড়ান্ত অশোভনীয় মন্তব্যৰ বাবে এইবাৰ উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিছে যোৰহাটৰ উৎপল গোস্বামী নামৰ এজন অধিবক্তা। এই সন্দৰ্ভত এক নিজাববীয়া গোচৰৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অধিবক্তা গোস্বামীক এই মন্তব্যৰ বাবে দোষী সাব্যস্ত কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি অহা ২০ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ে অধিবক্তাজন সন্দৰ্ভত যাৱতীয় শাস্তি ঘোষণা কৰিব। উল্লেখযোগ্য যে যোৰহাটৰ এগৰাকী ন্যায়াধীশৰ প্ৰতি অধিবক্তা গোস্বামীয়ে ভালেমান কটু মন্তব্য আগবঢ়াইছিল। ন্যায়াধীশগৰাকীয়ে ৰেম্পৰ মডেলৰ দৰে গহনা পিন্ধি আদালতৰ কাম-কাজ পৰিচালনা কৰা, অধিবক্তা পক্ষৰ যুক্তি নুশুনাকৈ অপ্রয়োজনীয়ভাৱে কেছ ল, ধাৰা আদি উত্থাপন কৰি অধিবক্তাক হাৰাশাস্তি কৰা বুলি অধিবক্তাগৰাকীয়ে অশোভনীয় মন্তব্য আগবঢ়াইছিল।

আনকি ন্যায়াধীশগৰাকীৰ প্ৰতি চৰম অপমানসূচক মন্তব্যৰে অধিবক্তা গোস্বামীয়ে মহাভাৰতৰ চৰিত্ৰ ‘ভস্মাসুৰৰ লগতো তুলনা কৰে। এগৰাকী মহামান্য ন্যায়াধীশৰ প্ৰতি কৰা এনে কটু মন্তব্য সন্দৰ্ভত উচ্চ ন্যায়ালয়ে ১/২০২২ নম্বৰৰ এক নিজাববীয়া গোচৰ ৰুজু কৰে। অৱশ্যে গোচৰটোৰ শুনানিকালত অধিবক্তা গোস্বামীয়ে নিজৰ ভুল স্বীকাৰ কৰি নিঃচৰ্ত ক্ষমা প্রার্থনা বিচাৰে।

পিছে পৰৱৰ্তী কালত ন্যায়ালয়ৰ মৰ্যাদা অটুত ৰাখিবৰ বাবে সকলো দিশ পৰ্যালোচনাৰ অন্তত উচ্চ ন্যায়ালয়ে এগৰাকী ন্যায়াধীশৰ প্ৰতি কৰা চৰম অপমানসূচক মন্তব্যৰ বাবে অধিবক্তা গোস্বামীক দোষী সাব্যস্ত কৰে। অহা ২০ মার্চত অধিবক্তাজনে কি শাস্তি লাভ কৰিব সেয়া ঘোষণা কৰিব উচ্চ ন্যায়ালয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply