গুৱাহাটী: গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে ৰাজ্যত বিগত বৰ্ষৰ মে’ মাহৰ পৰা সংঘটিত “আৰক্ষীৰ এনকাউন্টাৰ”ৰ তদন্ত কিমান আগবাঢ়িছে সেই সন্দৰ্ভত ন্যায়ালয়ক অৱগত কৰিবলৈ নিৰ্দেশ দিছে। ন্যায়ালয়ে ৰাজ্য চৰকাৰক অহা ছয় সপ্তাহৰ ভিতৰত নতুনকৈ প্ৰস্তুত কৰা তদন্ত প্ৰতিবেদন দাখিবলৈ নিৰ্দেশ দিছে।

এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন (পিআইএল)ৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ আৰ এম ছায়া আৰু ন্যায়াধীশ সৌমিত্ৰ ডেকাৰ এটা খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰক এনকাউণ্টাৰ গোচৰৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰণ কৰা হৈছে নে নাই সেই সন্দৰ্ভতো চৰকাৰক প্ৰশ্ন কৰে।

আদালতে ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ ৬০ দিনৰ সময় দিছিল। অহা ২৯ ছেপ্টেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

যোৱা ২০ জুনত দিয়া এক শপতনামাত ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ক কৈছিল যে ২০২১ চনৰ মে মাহৰ পৰা এই বছৰৰ মে’ মাহলৈ ১৬১ টা আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে।

এই সময়ছোৱাত আৰক্ষীৰ জিম্মাত থাকোতে ৫১ জন লোকৰ মৃত্যু ঘটাইছিল আৰু ১৩৯ জন আহত হৈছিল।

চৰকাৰে দাবী কৰিছিল যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি এই সকলোবোৰ গোচৰৰ তদন্ত কৰা হৈছে।

লগতে পঢ়ক – ৰাধাবাৰী চাহ বাগিছাত আছে চিকিৎসালয়, নাই চিকিৎসক; ৰোগীৰ মাজত হাহাকাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,395 other subscribers

Leave a comment

Leave a Reply Cancel reply