গুৱাহাটীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে তামিলনাডু চৰকাৰক অসমৰ পৰা দক্ষিণৰ ৰাজ্যখনৰ মন্দিৰলৈ লৈ যোৱা হাতীবোৰ পৰিদৰ্শন কৰাৰ বাবে অসমৰ পৰা যোৱা প্ৰতিনিধি দলটোক অনুমতি প্ৰদান কৰাৰ লগতে নিৰাপত্তা দিবলৈ নিৰ্দেশ দিয়ে।

অসম চৰকাৰৰ দ্বাৰা দাখিল কৰা এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সুমন শ্যামে এক অন্তৱৰ্তীকালীন নিৰ্দেশ প্ৰদান কৰে যে আদালতৰ নিৰ্দেশ উপলব্ধ হোৱাৰ তিনি দিনৰ ভিতৰত হাতীবোৰ পৰিদৰ্শন কৰিবলৈ প্ৰতিনিধিদলক অনুমতি দিয়া উচিত।

ন্যায়াধীশে তামিলনাডুৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানকো হাতী পৰিদৰ্শনৰ বাবে যোৱাৰ সময়ত অসমৰ প্ৰতিনিধিদলক প্ৰয়োজনীয় নিৰাপত্তা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।

The People for Ethical Treatment of Animals (PETA) এ শেহতীয়াকৈ এটা ভিডিঅ’ মুকলি কৰি অভিযোগ কৰিছিল যে জয়মালা নামৰ এটা হাতীটোক চেন্নাইৰ শ্ৰীভল্লিপুথুৰৰ আন্দাল মন্দিৰত অত্যাচাৰ কৰি বন্দী কৰি ৰখা হৈছে।

ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে অসম চৰকাৰে হাতী বিশেষজ্ঞ, বন আৰু আৰক্ষী বিষয়াসকলক লৈ চাৰিজনীয়া সদস্যৰ এটা দল প্ৰেৰণ কৰি হাতীটোৰ অৱস্থা পৰীক্ষা কৰিবলৈ তামিলনাডুলৈ প্ৰেৰণ কৰিছিল।

এডভোকেট জেনেৰেল দেৱজিত শইকীয়াই কয় তামিলনাডু চৰকাৰে অসমৰ পৰা যোৱা প্ৰতিনিধি দলটোক হাতীটোক লগ কৰিবলৈ অনুমতি দিয়া নাছিল আৰু প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা নাছিল।

লগতে তেওঁ কয়, “যিহেতু আমি এতিয়ালৈকে তামিলনাডু চৰকাৰৰ পৰা কোনো ইতিবাচক সঁহাৰি পোৱা নাছিলো, সেয়েহে এখন writ আবেদন দাখিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু আজি ইয়াৰ শুনানি হৈছিল”।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰণালয়, তামিলনাডুৰ বন সচিব আৰু আৰক্ষী সঞ্চালকক জাননী জাৰি কৰিছিল। জাননীত শুনানিৰ পৰৱৰ্তী তাৰিখ ২৮ ছেপ্টেম্বৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।

বন্যপ্ৰাণী বিজ্ঞানী N Sivaganesan এ মাদ্ৰাজ উচ্চ ন্যায়ালয়ত এটা ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা দাখিল কৰিছিল য’ত কোৱা হৈছিল যে এবাৰ ধৰ্মীয় প্ৰতিষ্ঠানত দান দিয়াৰ পাছত ইয়াক পুনৰ ঘূৰাই আনিবলৈ দাবী কৰা মানে ভক্তসকলৰ অনুভূতিক আঘাত কৰা।

বৃহস্পতিবাৰে কাৰ্যকৰী মুখ্য ন্যায়াধীশ M Duraiswamy আৰু ন্যায়াধীশ Sunder Mohanৰ বিচাৰপীঠৰ সন্মুখত হাজিৰ হোৱা তামিলনাডুৰ অতিৰিক্ত অধিবক্তা জেনেৰেল J Ravindranএ কয় যে তামিলনাডু চৰকাৰে হাতীবোৰ পুনৰ ঘূৰাই দিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, অসমে তামিলনাডু চৰকাৰক তামিলনাডুৰ বিভিন্ন মন্দিৰলৈ নটা হাতী দান কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply