নিউজ ডেস্ক: ৰাজ্যৰ মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে অপমানসূচক শব্দ প্ৰয়োগ কৰা আৰু ইছলামিক শিক্ষা ব্যৱস্থাৰ প্ৰসাৰ চলোৱাৰ অভিযোগ উঠা অসমৰ এগৰাকী মহাবিদ্যালয়ৰ অধ্যাপকক গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰীম জামিন প্ৰদান কৰিছে।
অভিযোগ অনুসৰি হাইলাকান্দিৰ এছ এছ মহাবিদ্যালয়ৰ জামিৰ আহমেদ চৌধুৰী নামৰ সহযোগী অধ্যাপকজনে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এগৰাকী ‘চয়তান আৰু ভুকি থকা কুকুৰ’ তথা শিক্ষা মন্ত্ৰী গৰাকীক ‘nonsense’ বুলি কৈছিল।
ইয়াৰ উপৰি তেওঁৰ বিৰুদ্ধে ‘PIL Education’ নামৰ মূলতঃ এক ইছলামিক আদৰ্শ আৰ বিশ্বাসভিত্তিক শিক্ষাৰ প্ৰসাৰৰ সৈতে জড়িত থকাৰ অভিযোগ আছে।
চলিত বৰ্ষৰ জুন মাহত উচ্চ ন্যায়ালয়ে চৌধুৰীক গ্ৰেপ্তাৰৰ পূৰ্বে ২০,০০০ টকাৰ জৰিমণাৰ বিনিময়ত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। তদন্তকাৰী সংস্থাটোক সহযোগিতা কৰি অহাৰ লগতে তেওঁৰ বক্তব্য যিহেতু তদন্তকাৰী বিষয়াই গ্ৰহণ কৰিছে তাৰ বাবে অগ্ৰিম জামিনৰ আৱেদন জনায়।
ন্যায়াধীশ ৰবিন ফুকনৰ একক বিচাৰপীঠে চৌধুৰীৰ উক্ত আৱেদনৰ প্ৰতি সঁহাৰি জনাই তেওঁক অগ্ৰিম জামিন প্ৰদান কৰে।
লগতে পঢ়ক – ৯ দফীয়া দাবীৰ সমৰ্থনত মঙলদৈত আমছুৰ অৱস্থান ধৰ্মঘট