গুৱাহাটীঃ শুকুৰবাৰে জামিন মঞ্জুৰ হয় ভিক্টৰ দাসৰ। ৯ ছেপ্টেম্বৰৰ পৰা অসম আৰক্ষীৰ জিম্মাত থকা ভিক্টৰ দাসক ২৯ ছেপ্তেম্বৰলৈ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ভিক্টৰ দাসৰ হৈ আদালতত যুক্তি দৰ্শাইছিল জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই। ২৯ ছেপ্টেম্বৰত কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ। ২১ আৰু ২৮ আগষ্টত সমগ্ৰ অসমত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তিত টকাৰ লেনদেনৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰে।

তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাত চাকৰিৰ বাবে উৎকোচ দাবী কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী, অসম আৰক্ষী, ডিজিপি, আৰু জিপি সিঙক টেগ কৰি প্ৰতিজন প্ৰাৰ্থীৰ পৰা ৩-৫ লাখ টকাৰ পৰা উৎকোচ দাবী কৰাৰ বিষয়টো উত্থাপন কৰি টুইট কৰিছিল ভিক্টৰে।

এই অভিযোগৰ প্ৰমাণ বিচাৰি ভিক্টৰ দাসক মহানগৰ আৰক্ষীয়ে জেৰা কৰিছিল। কিন্তু ভিক্টৰ দাসে তেনে কোনো প্ৰমাণ আৰক্ষীক দিব পৰা নাছিল। ফলত উৰা বাতৰি বিয়পোৱাৰ অভিযোগত ভিক্টৰ দাসক ৯ ছেপ্টেম্বৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আদালতে ৭ দিনৰ আৰক্ষীৰ জিম্মা দিছিল ভিক্টৰক।

উল্লেখ্য যে, ভিক্টৰ দাস এজন টেট শিক্ষকৰ লগতে গুৱাহাটীৰ এটা ব্যক্তিগত কোটিং চেন্টাৰৰ শিক্ষক আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply