গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক শাখাৰ পৰীক্ষাৰ ৰিজাল্টত বিসংগতি আৰু ৰিজাল্ট দিয়াত পলম কৰাৰ বাবে পৰীক্ষা নিয়ন্ত্ৰকক নিলম্বন কৰা হৈছে। বিশ্ববিদ্যালয়ে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন কৰা হৈছে। এই বছৰত স্নাতক পৰীক্ষাৰ ফলাফল ঘোষণাত বিসংগতি আৰু বিলম্বৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল বুলি বিশ্ববিদ্যালয়ে জাৰি কৰা এক নিৰ্দেশনা কোৱা হৈছে।
গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ড০ দেৱহৰী তালুকদাৰক পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব অৰ্পন কৰিছে। উল্লেখ্য যে, ড০ দেৱহৰী তালুকদাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপ-পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত আছিল।