নিউজ ডেস্কঃ অসমত এতিয়াও বান পৰিস্থিতি বিশেষ সলনি হোৱা নাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়তো বানত ককবকাই আছে হাজাৰ হাজাৰ লোক। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ে কৰিছে এক বিশেষ ঘোষণা।
গুৱাহাটী বিশ্ববিদ্যালয়ে এক জাননী যোগে বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত স্নাতকোত্তৰ পৰীক্ষা আৰু ইয়াৰ সংযুক্ত মহাবিদ্যালয়সমূহৰো স্নাতকোত্তৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে, অসমত অব্যাহত নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাটাও অঞ্চলত বানপানীৰ সৃষ্টি হোৱাৰ বাবে GUIST আৰু I.Com পৰীক্ষাও স্থগিত ৰখা হৈছে৷ ইয়াৰ পূৰ্বে ২১ আৰু ২২ জুনত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহ এতিয়া স্থগিত ৰখা হৈছে আৰু শীঘ্ৰেই পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে।